ৰঙিয়া–লতিবাৰী পথত ডাম্পাৰ চলাচল নিষিদ্ধ*

Telegram

*ৰঙিয়া–লতিবাৰী পথত ডাম্পাৰ চলাচল নিষিদ্ধ*

 

*তামুলপুৰ, ২০ জুলাই, ২০২৫* :

তামুলপুৰ জিলাৰ ৰাস্তাৰ বৰ্তমান অৱস্থাৰ পৰ্যালোচনাৰ পাছত ৰঙিয়া–লতিবাৰী পথত পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডাম্পাৰসহ সকলোধৰণৰ গধুৰ বাহনৰ চলাচল সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। ১৯ জুলাইৰ পৰা এই নিৰ্দেশনা প্ৰযোজ্য হৈছে আৰু ৰাস্তাৰ অৱস্থা উন্নত নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা পৰিবহণ বিষয়াৰ পৰা পোৱা প্ৰস্তাৱ অনুসৰি জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত এক আদেশ জাৰি কৰিছে। এই আদেশ মতে, লাতিবাৰী-কাউৰবাহা-ৰঙিয়া পথত কোনো ডাম্পাৰ বা গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। লতিবাৰী–ৰঙিয়াৰ মাজত যাতায়াত কৰিবলগা সকলো ডাম্পাৰ আৰু গধুৰ বাহনে এতিয়া তামুলপুৰ–খাটাৰবাৰী–মটঙা চ’ক–দ্বাৰকুছি–ৰঙিয়া পথ ব্যৱহাৰ কৰিব লাগিব। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা এনফ’ৰ্চমেণ্ট কৰ্তৃপক্ষক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে।

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

    Telegram

    TelegramTweetঅসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা   যোৰহাট, ১৪ ছেপ্টেম্বৰঃ অসমৰ ভাষা, কলা, সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশেষ মন্তব্য আগবঢ়ায়। ৰাজ্য ভ্ৰমণৰ লগত জড়িত…

    • Current
    • September 14, 2025
    • 2 views
    • 0 minutes Read
    অনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰা

    Telegram

    TelegramTweetঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰা যোৰহাট, ১৪ ছেপ্টেম্বৰঃ অনুকূল বতৰ নথকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশ মাৰ্গেৰে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত বাতিল কৰা হয়। প্ৰধানমন্ত্ৰীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *