ৰঙিয়া–লতিবাৰী পথত ডাম্পাৰ চলাচল নিষিদ্ধ*

Telegram

*ৰঙিয়া–লতিবাৰী পথত ডাম্পাৰ চলাচল নিষিদ্ধ*

 

*তামুলপুৰ, ২০ জুলাই, ২০২৫* :

তামুলপুৰ জিলাৰ ৰাস্তাৰ বৰ্তমান অৱস্থাৰ পৰ্যালোচনাৰ পাছত ৰঙিয়া–লতিবাৰী পথত পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডাম্পাৰসহ সকলোধৰণৰ গধুৰ বাহনৰ চলাচল সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। ১৯ জুলাইৰ পৰা এই নিৰ্দেশনা প্ৰযোজ্য হৈছে আৰু ৰাস্তাৰ অৱস্থা উন্নত নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা পৰিবহণ বিষয়াৰ পৰা পোৱা প্ৰস্তাৱ অনুসৰি জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত এক আদেশ জাৰি কৰিছে। এই আদেশ মতে, লাতিবাৰী-কাউৰবাহা-ৰঙিয়া পথত কোনো ডাম্পাৰ বা গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। লতিবাৰী–ৰঙিয়াৰ মাজত যাতায়াত কৰিবলগা সকলো ডাম্পাৰ আৰু গধুৰ বাহনে এতিয়া তামুলপুৰ–খাটাৰবাৰী–মটঙা চ’ক–দ্বাৰকুছি–ৰঙিয়া পথ ব্যৱহাৰ কৰিব লাগিব। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা এনফ’ৰ্চমেণ্ট কৰ্তৃপক্ষক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে।

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *