নাগ্ৰীজুলিৰ গণেশপুৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বহু ধানখেতি খাই তহিলং

Telegram

নাগ্ৰীজুলিৰ গণেশপুৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বহু ধানখেতি খাই তহিলং

 

নাগ্ৰীজুলি, ১ ডিচেম্বৰ-

 

তামুলপুৰ জিলাৰ ভাৰত-ভূটান।সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা শ শ বনৰীয়া হাতীয়ে জাক পাতি গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বিগত কেইবামাহ ধৰি উপদ্ৰৱ চলাই সৰ্বসাধাৰণ ৰাইজৰ উপৰিও কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। কালি নিশা বনৰীয়া হাতীৰ বৃহৎ জাক এটা বগাজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা মটঙা নৈ আৰু বাল্টি নৈ পাৰ হৈ আহি কেইবাখনো গাঁওত সন্ত্ৰাসৰ সৃষ্টি কৰে। হাতীৰ জাকটোৱে ইকৰাজুলি, কুসুমজুলি আদি গাঁওত উপদ্ৰৱ চলাই নিশা মতিগাঁওত প্ৰৱেশ কৰি কিছু উপদ্ৰৱ চলাই পিছত বাল্টি নৈ পাৰ হৈ নিশা প্ৰায় ১০-০০ বজাত গণেশপুৰ আৰু বাল্টিপাৰ গাঁওত প্ৰৱেশ কৰে। হাতীৰ জাকটো প্ৰৱেশ কৰাৰ লগে লগে গাঁওৰ ৰাইজৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হয়। ৰাইজে বন বিভাগৰ লগৰ সহায়ত জুই জ্বলাই, কাঁহী বাতি, টিন বজাই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা চলায় যদিও হাতীৰ জাকটোক খেদিবলৈ সমৰ্থ নহল। ওৰে নিশা হাতীৰ জাকটোৱে গণেশপুৰ গাঁওৰ বহু কৃষকৰ পকা ধান খাই গচকি বিনষ্ট কৰাৰ উপৰিও বাল্টিপাৰ গাঁওৰো বহু কৃষকৰ পকা ধান খাই, গচকি, তামোল নাৰিকলৰ গছ ভাঙি যথেষ্ট ক্ষতি কৰে। গোটেই নিশা গাঁও দুখনত উপদ্ৰৱ চলাই পুৱতি নিশা হাতীৰ বৃহৎ জাকটোৱে নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপৰ বৰনদীৰ পাৰৰ ঘন জংঘলত আশ্ৰয় লৈ আছে। হাতীৰ জাকটোৱে নিশা কোন গাঁওত প্ৰৱেশ কৰি উপদ্ৰৱ চলাব তাকে লৈ চিন্তিত আৰু আতংকিত হৈ পৰিছে নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ।

  • Related Posts

    ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।

    Telegram

    TelegramTweet৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ================================= তামুলপুৰ ১৫ ছেপ্তেম্বৰ:-   তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ এখন সাধাৰন সভা যোৱাকালি আবেলি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত…

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *