নাগ্ৰীজুলিৰ গণেশপুৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বহু ধানখেতি খাই তহিলং

Telegram

নাগ্ৰীজুলিৰ গণেশপুৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বহু ধানখেতি খাই তহিলং

 

নাগ্ৰীজুলি, ১ ডিচেম্বৰ-

 

তামুলপুৰ জিলাৰ ভাৰত-ভূটান।সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা শ শ বনৰীয়া হাতীয়ে জাক পাতি গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বিগত কেইবামাহ ধৰি উপদ্ৰৱ চলাই সৰ্বসাধাৰণ ৰাইজৰ উপৰিও কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে। কালি নিশা বনৰীয়া হাতীৰ বৃহৎ জাক এটা বগাজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা মটঙা নৈ আৰু বাল্টি নৈ পাৰ হৈ আহি কেইবাখনো গাঁওত সন্ত্ৰাসৰ সৃষ্টি কৰে। হাতীৰ জাকটোৱে ইকৰাজুলি, কুসুমজুলি আদি গাঁওত উপদ্ৰৱ চলাই নিশা মতিগাঁওত প্ৰৱেশ কৰি কিছু উপদ্ৰৱ চলাই পিছত বাল্টি নৈ পাৰ হৈ নিশা প্ৰায় ১০-০০ বজাত গণেশপুৰ আৰু বাল্টিপাৰ গাঁওত প্ৰৱেশ কৰে। হাতীৰ জাকটো প্ৰৱেশ কৰাৰ লগে লগে গাঁওৰ ৰাইজৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হয়। ৰাইজে বন বিভাগৰ লগৰ সহায়ত জুই জ্বলাই, কাঁহী বাতি, টিন বজাই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা চলায় যদিও হাতীৰ জাকটোক খেদিবলৈ সমৰ্থ নহল। ওৰে নিশা হাতীৰ জাকটোৱে গণেশপুৰ গাঁওৰ বহু কৃষকৰ পকা ধান খাই গচকি বিনষ্ট কৰাৰ উপৰিও বাল্টিপাৰ গাঁওৰো বহু কৃষকৰ পকা ধান খাই, গচকি, তামোল নাৰিকলৰ গছ ভাঙি যথেষ্ট ক্ষতি কৰে। গোটেই নিশা গাঁও দুখনত উপদ্ৰৱ চলাই পুৱতি নিশা হাতীৰ বৃহৎ জাকটোৱে নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপৰ বৰনদীৰ পাৰৰ ঘন জংঘলত আশ্ৰয় লৈ আছে। হাতীৰ জাকটোৱে নিশা কোন গাঁওত প্ৰৱেশ কৰি উপদ্ৰৱ চলাব তাকে লৈ চিন্তিত আৰু আতংকিত হৈ পৰিছে নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 2 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *