তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক। 

Telegram

তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক। 

 

তামুলপুৰ ৩১ আগষ্ট।।

 

ভূটান পাহাৰৰ পৰা বৈ অহা কালানদীৰ পানীয়ে উটোৱাই নিলে এগৰাকী লোকক। জানিব পৰা মতে নৈ পাৰ হব ধৰোঁতে ভুটানৰ পৰা বৈ অহা কালানদীত হঠাৎ অহা বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰিল এগৰাকী ব্যক্তি। নৈৰ মাজত আৱদ্ধ হৈ পৰা লোকজন হৈছে ই ৰিক্সা চালক বুধু কলিতা। চকুৰ পলকতে নৈৰ জলস্তৰৰ বৃদ্ধি হোৱাত নৈৰ মাজত আৱদ্ধ লোক গৰাকীক বচাবলৈ অপ্ৰাণ চেষ্টা চালাই একাংশ লোকে।

এটা প্ৰকাণ্ড শিলত ধৰি বুধু কলিতাই জীৱন ৰক্ষাৰ চেষ্টা চলায় যদিও অৱশেষত নৈৰ পানীয়ে উটুৱাই নিয়ে বুধু কলিতাক। বুধু কলিতাক পানীয়ে উটুৱাই নিয়াৰ পিছতে তাত থকা স্থানীয় দুগৰাকী লোকে বুধু কলিতাক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে। বুধু কলিতাৰ

শিহৰণকাৰী সমগ্ৰ দৃশ্য বন্দী হল মবাইলৰ কেমেৰাত। উল্লেখযোগ্য যে কালানদীৰ ওপৰত দলং নিৰ্মাণৰ কাম কৰা বাবে কুমাৰীকাটা, চেচাপানী, খৈৰণী, আঙাৰকাটা আদি অঞ্চলৰ লোকে কালানদীৰ বুকুৰ মাজেৰে প্ৰতিদিনে আহযাহ কৰিব লগা হৈছে।

  • Related Posts

    ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত

    Telegram

    TelegramTweetভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত   নতুন দিল্লী: দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ-ৰ সমৰ্থিত প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণণ বিজয়ী হোৱাৰ সুখবৰ আহিছে। দেশজুৰি অনুষ্ঠিত হোৱা ভোট…

    নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

    Telegram

    TelegramTweetনেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা নেপালত হোৱা তীব্ৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত চৰকাৰে ছ’চিয়েল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *