তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক।
তামুলপুৰ ৩১ আগষ্ট।।
ভূটান পাহাৰৰ পৰা বৈ অহা কালানদীৰ পানীয়ে উটোৱাই নিলে এগৰাকী লোকক। জানিব পৰা মতে নৈ পাৰ হব ধৰোঁতে ভুটানৰ পৰা বৈ অহা কালানদীত হঠাৎ অহা বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰিল এগৰাকী ব্যক্তি। নৈৰ মাজত আৱদ্ধ হৈ পৰা লোকজন হৈছে ই ৰিক্সা চালক বুধু কলিতা। চকুৰ পলকতে নৈৰ জলস্তৰৰ বৃদ্ধি হোৱাত নৈৰ মাজত আৱদ্ধ লোক গৰাকীক বচাবলৈ অপ্ৰাণ চেষ্টা চালাই একাংশ লোকে।
এটা প্ৰকাণ্ড শিলত ধৰি বুধু কলিতাই জীৱন ৰক্ষাৰ চেষ্টা চলায় যদিও অৱশেষত নৈৰ পানীয়ে উটুৱাই নিয়ে বুধু কলিতাক। বুধু কলিতাক পানীয়ে উটুৱাই নিয়াৰ পিছতে তাত থকা স্থানীয় দুগৰাকী লোকে বুধু কলিতাক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে। বুধু কলিতাৰ
শিহৰণকাৰী সমগ্ৰ দৃশ্য বন্দী হল মবাইলৰ কেমেৰাত। উল্লেখযোগ্য যে কালানদীৰ ওপৰত দলং নিৰ্মাণৰ কাম কৰা বাবে কুমাৰীকাটা, চেচাপানী, খৈৰণী, আঙাৰকাটা আদি অঞ্চলৰ লোকে কালানদীৰ বুকুৰ মাজেৰে প্ৰতিদিনে আহযাহ কৰিব লগা হৈছে।