তামুলপুৰত ৪ লাখ টকাৰ ড্ৰাগছ সহ দুজন যুৱকক আটক আৰক্ষীৰ।

  • Current
  • January 18, 2025
  • 0 Comments
Telegram

তামুলপুৰত ৪ লাখ টকাৰ ড্ৰাগছ সহ দুজন যুৱকক আটক আৰক্ষীৰ।

তামুলপুৰ, ১৮ জানুৱাৰীঃ

 

তামুলপুৰ জিলাৰ দ্বাৰকুছিত কালি নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ৬৩ গ্ৰাম হেৰোইন সহ ড্ৰাগছ সৰবৰাহকাৰী দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে এক গোপন সূত্ৰৰ পমখেদি তামুলপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক মণ্টুৰাম বৰাৰ নেতৃত্বত কালি নিশাৰ ভাগত জিলাখনৰ দ্বাৰকুছিত নাকা চেকিঙ চলাই দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন যুৱক কেইজনক ৰঙিয়াৰ বালাগাঁওৰ মিৰ্জা চৌধুৰী (২২) আৰু আমিনুল হুছেইন(২২)। যুৱক দুজনে ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে এটা চাবোনৰ বাকচত ৬৩ গ্ৰাম হেৰোইন সৰবৰাহ কৰিবলৈ আহোতে আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুজনক হাতেলোটে ধৰিবলৈ সক্ষম হয়। জব্দ কৃত হেৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা। ড্ৰাগছৰ অবাধ ব্যৱসায়ীৰ সৈতে বৃহত এটা চক্ৰ জড়িত থকাৰ সন্দেহ বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰি চক্ৰটোৰ লগত জড়িত প্ৰতিগৰাকী সৰবৰাহকাৰীক ধৰিবলৈ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে।##

  • Related Posts

    • Current
    • June 15, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।

    Telegram

    TelegramTweetতামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।   তামুলপুৰ, ১৫ জুন   তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটো আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।…

    • Current
    • June 15, 2025
    • 4 views
    • 1 minute Read
    ১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇

    Telegram

    TelegramTweet১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇   ভূটানৰ থিম্ফুত অনুষ্ঠিত ১৫সংখ্যক South Asian Bodybuilding and Physique Sports Championship-ত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *