তামুলপুৰত ৪ লাখ টকাৰ ড্ৰাগছ সহ দুজন যুৱকক আটক আৰক্ষীৰ।

  • Current
  • January 18, 2025
  • 0 Comments
Telegram

তামুলপুৰত ৪ লাখ টকাৰ ড্ৰাগছ সহ দুজন যুৱকক আটক আৰক্ষীৰ।

তামুলপুৰ, ১৮ জানুৱাৰীঃ

 

তামুলপুৰ জিলাৰ দ্বাৰকুছিত কালি নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ৬৩ গ্ৰাম হেৰোইন সহ ড্ৰাগছ সৰবৰাহকাৰী দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে এক গোপন সূত্ৰৰ পমখেদি তামুলপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক মণ্টুৰাম বৰাৰ নেতৃত্বত কালি নিশাৰ ভাগত জিলাখনৰ দ্বাৰকুছিত নাকা চেকিঙ চলাই দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন যুৱক কেইজনক ৰঙিয়াৰ বালাগাঁওৰ মিৰ্জা চৌধুৰী (২২) আৰু আমিনুল হুছেইন(২২)। যুৱক দুজনে ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে এটা চাবোনৰ বাকচত ৬৩ গ্ৰাম হেৰোইন সৰবৰাহ কৰিবলৈ আহোতে আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুজনক হাতেলোটে ধৰিবলৈ সক্ষম হয়। জব্দ কৃত হেৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা। ড্ৰাগছৰ অবাধ ব্যৱসায়ীৰ সৈতে বৃহত এটা চক্ৰ জড়িত থকাৰ সন্দেহ বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰি চক্ৰটোৰ লগত জড়িত প্ৰতিগৰাকী সৰবৰাহকাৰীক ধৰিবলৈ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে।##

  • Related Posts

    • Current
    • June 16, 2025
    • 3 views
    • 1 minute Read
    আজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️

    Telegram

    TelegramTweetআজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️   আজি অত্যন্ত গুৰুত্বপূর্ণ ঘটনা — অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক তাৎপৰ্যপূৰ্ণ পৰিৱর্তনৰ সম্ভাৱনা। অসমৰ সাংসদ…

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    DIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱

    Telegram

    TelegramTweetDIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱   ডিজিটেল ভাৰতৰ দিশে আগবাঢ়ি থকা এই যুগত DIGIPIN হৈছে এক নতুন পদক্ষেপ, যাৰ জৰিয়তে সাধাৰণ ৰাইজে বিভিন্ন চৰকাৰী সেৱা অধিক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *