তামুলপুৰত প্ৰাপ্য বিচাৰি জলমিত্ৰ উত্তাপ প্ৰতিবাদ।

  • Current
  • January 6, 2025
  • 0 Comments
Telegram

তামুলপুৰত প্ৰাপ্য বিচাৰি জলমিত্ৰ উত্তাপ প্ৰতিবাদ।

 

তামুলপুৰ ৬ জানুৱাৰী।

 

তামুলপুৰৰ জিলাৰ জল জীৱন আঁচনিত কৰ্মৰত জলমিত্ৰ সকলে আজি নিজ প্ৰাপ্য বিচাৰি তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকৰী সকলে অসম চৰকাৰ হায় হায়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হায় হায়, আমাক এঞ্জেজমেন্টৰ পৰিবৰ্তে এপইন্টমেন্ট প্ৰদান কৰক, আমাক শ্ৰমিক আইন অনুসৰি ভাট্টা প্ৰদান কৰক আদি শ্লোগানৰে পৰিবেশন উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে যদি প্ৰাপ্য নাপায় তেনেহলে আজিৰে পৰা জল জীৱনৰ পানী যোগান বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে।

 

জলমিত্ৰ সকলে শ্ৰমিক আইন অনুসৰি ভাট্টা প্ৰদান কৰা, জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰা, পুৰণি জল মিত্ৰ সকলক নিযুক্তি প্ৰদান কৰা দাবীৰে তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত এইচ ই অস্থায়ী কৰ্মচাৰী পৰিষদ বিটিআৰৰ সভাপতি মদন বড়ো, সম্পাদক ইলিয়াছ নাৰ্জাৰীৰ লগতে তামুলপুৰ, নাগ্ৰিজুলি, গোৰেশ্বৰ, কুমাৰীকটা, কাউৰবাহাৰ ২৫৯ গৰাকী জলমিত্ৰ উপস্থিত থাকে।

  • Related Posts

    • Current
    • June 21, 2025
    • 4 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 4 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *