তামুলপুৰত প্ৰাপ্য বিচাৰি জলমিত্ৰ উত্তাপ প্ৰতিবাদ।
তামুলপুৰ ৬ জানুৱাৰী।
জলমিত্ৰ সকলে শ্ৰমিক আইন অনুসৰি ভাট্টা প্ৰদান কৰা, জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰা, পুৰণি জল মিত্ৰ সকলক নিযুক্তি প্ৰদান কৰা দাবীৰে তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত এইচ ই অস্থায়ী কৰ্মচাৰী পৰিষদ বিটিআৰৰ সভাপতি মদন বড়ো, সম্পাদক ইলিয়াছ নাৰ্জাৰীৰ লগতে তামুলপুৰ, নাগ্ৰিজুলি, গোৰেশ্বৰ, কুমাৰীকটা, কাউৰবাহাৰ ২৫৯ গৰাকী জলমিত্ৰ উপস্থিত থাকে।