জি এন আৰ চি কেয়াৰছ: জ্যেষ্ঠ নাগৰিকৰ বাবে এক যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ

Telegram

জি এন আৰ চি কেয়াৰছ: জ্যেষ্ঠ নাগৰিকৰ বাবে এক যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ

 

এই পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ তৃতীয় লক্ষ্য (সুস্থ জীৱন নিশ্চিত কৰা আৰু সকলোৰে বাবে, সকলো বয়সতে সুস্থতাক প্ৰসাৰ কৰা। পূৰণৰ উদ্দেশ্যে জিএনআৰচিৰ এখোজ

 

গুৱাহাটী, ৫ জানুৱাৰী, ২০২৫: উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল

 

জিএনআৰচি দিছপুৰে আজি ৩৮ বছৰীয়া জয়ন্তী উদযাপন কৰি ৰাইজৰ স্বাস্থ্যৰ যতনৰ প্ৰতি নিজৰ অদম্য দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া দৈনিক কাকত দৈনিক অগ্রদূতৰ মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক আৰু বুদ্ধিজীৱী শ্রী কনক সেন ডেকা। ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচি গ্রুপ অৱ হস্পিতালৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্র বৰাই সমাজৰ সকলো শ্ৰেণীৰ বাবে উচ্চমানৰ স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে সংস্থাটোৰ বৈচিত্রময় পদক্ষেপ আৰু অক্লান্ত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।

 

আজিৰ এই শুভ অনুষ্ঠানত শ্রী কনক সেন ডেকাই জিএনআৰচি কেয়াৰছ নামেৰে এক অনন্য আৰু যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ উন্মোচন কৰে।

 

জিএনআৰচি কেয়াৰছৰ বিষয়ে থোৰতে:

 

পৰিয়ালৰ আন সদস্যৰ অনুপস্থিতিত স্বাস্থ্যসেৱা সেৱা লাভ কৰাত অসুবিধাৰ সন্মুখীন হোৱা জ্যেষ্ঠ নাগৰিকসকলক বিশেষ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে এই জিএনআৰচি কেয়াৰছ আঁচনি যুগুত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ প্ৰয়োজনীয় চিকিৎসা সেৱা ঘৰতে বা প্রয়োজনবশত জিএনআৰচিত আহি অনায়াসে পোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে আমি আপোনাৰ ঘৰতে যত্ন আৰু সহায় আগবঢ়াই আপোনাৰ স্বাস্থ্য আৰু জীৱনৰ মান উন্নত কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ।

 

জ্যেষ্ঠ নাগৰিকসকলৰ পৰিয়ালৰ অনুপস্থিতি বা অন্যান্য কাৰণত স্বাস্থ্যসেৱাৰ অভাৱ পূৰণ কৰাৰ লক্ষ্যৰে এই আঁচনি যুগুত কৰা হৈছে। “আপোনাৰ ঘৰতে যত্ন”ৰ সাৰথি হিচাপে জি এন আৰ চি কেয়াৰছে সকলো বয়সৰ লোকক সুস্থ জীৱন সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

জিএনআৰচি কেয়াৰছৰ মূল বৈশিষ্ট্যসমূহ:

 

১/ ঘৰতে তেজৰ নমুনা সংগ্ৰহ ২/ মানসিক সমর্থন আৰু সহায় ৩/ ২৪ x ৭ দুর্ঘটনা আৰু জৰুৰীকালীন সেৱা ৪/ স্বাস্থ্য পৰীক্ষাৰ বাবে বিশেষ পেকেজ ৫/ আপিডি আৰু হাস্পতালত ভৰ্তিৰ ক্ষেত্ৰত ঘৰৰ পৰা অনা-নিয়াৰ ব্যৱস্থা

 

অ’পিডি, বিভিন্ন পৰীক্ষা-নিৰীক্ষা, হাস্পতালত ভর্তি আৰু অব্যাহতিৰ সময়ত বিশেষ অগ্ৰাধিকাৰ

 

এই উদ্যোগৰ জৰিয়তে জি এন আৰ চি স্বাস্থ্যসেৱাৰ নতুন অধ্যায় উন্মোচন কৰিছে। জ্যেষ্ঠ নাগৰিকসকলৰ সুস্বাস্থ্য সুনিশ্চিত কৰাটো সংস্থাটোৰ মুখ্য লক্ষ্য।

  • Related Posts

    তামুলপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

    Telegram

    TelegramTweetতামুলপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰ । ===================   কুমাৰীকাটা ,২০ মাৰ্চ তামুলপুৰ ইউকো বেঙং আৰু কেয়াৰ হেল্থ ইঞ্চোৰেঞ্চৰ উদ্দোগত আৰু গুৱাহাটী মাৰুৱাৰী হস্পটালৰ সহযোগত আজি তামুলপুৰ ঘগৰাচকস্থীত ইউকো বেঙংৰ কাৰ্যালয়ত এটি…

    GNIOT গ্রুপ অৱ ইনষ্টিটিউচন ৰ সংবাদমেল. মহানগৰীৰ হোটেল ৰন্তামৌলিত এই সংবাদমেল।

    Telegram

    TelegramTweet  GNIOT গ্রুপ অৱ ইনষ্টিটিউচন ৰ সংবাদমেল. মহানগৰীৰ হোটেল ৰন্তামৌলিত এই সংবাদমেল   দিল্লী এন চি আঁৰৰ গ্ৰেতাৰ নয়দাত অৱস্থিত এই শিক্ষানুষ্ঠান খনে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰহণ কৰিলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *