জি এন আৰ চি কেয়াৰছ: জ্যেষ্ঠ নাগৰিকৰ বাবে এক যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ
গুৱাহাটী, ৫ জানুৱাৰী, ২০২৫: উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল
জিএনআৰচি দিছপুৰে আজি ৩৮ বছৰীয়া জয়ন্তী উদযাপন কৰি ৰাইজৰ স্বাস্থ্যৰ যতনৰ প্ৰতি নিজৰ অদম্য দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া দৈনিক কাকত দৈনিক অগ্রদূতৰ মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক আৰু বুদ্ধিজীৱী শ্রী কনক সেন ডেকা। ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচি গ্রুপ অৱ হস্পিতালৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্র বৰাই সমাজৰ সকলো শ্ৰেণীৰ বাবে উচ্চমানৰ স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে সংস্থাটোৰ বৈচিত্রময় পদক্ষেপ আৰু অক্লান্ত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।
আজিৰ এই শুভ অনুষ্ঠানত শ্রী কনক সেন ডেকাই জিএনআৰচি কেয়াৰছ নামেৰে এক অনন্য আৰু যুগান্তকাৰী স্বাস্থ্যসেৱাৰ পদক্ষেপ উন্মোচন কৰে।
জিএনআৰচি কেয়াৰছৰ বিষয়ে থোৰতে:
জ্যেষ্ঠ নাগৰিকসকলৰ পৰিয়ালৰ অনুপস্থিতি বা অন্যান্য কাৰণত স্বাস্থ্যসেৱাৰ অভাৱ পূৰণ কৰাৰ লক্ষ্যৰে এই আঁচনি যুগুত কৰা হৈছে। “আপোনাৰ ঘৰতে যত্ন”ৰ সাৰথি হিচাপে জি এন আৰ চি কেয়াৰছে সকলো বয়সৰ লোকক সুস্থ জীৱন সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
জিএনআৰচি কেয়াৰছৰ মূল বৈশিষ্ট্যসমূহ:
১/ ঘৰতে তেজৰ নমুনা সংগ্ৰহ ২/ মানসিক সমর্থন আৰু সহায় ৩/ ২৪ x ৭ দুর্ঘটনা আৰু জৰুৰীকালীন সেৱা ৪/ স্বাস্থ্য পৰীক্ষাৰ বাবে বিশেষ পেকেজ ৫/ আপিডি আৰু হাস্পতালত ভৰ্তিৰ ক্ষেত্ৰত ঘৰৰ পৰা অনা-নিয়াৰ ব্যৱস্থা
অ’পিডি, বিভিন্ন পৰীক্ষা-নিৰীক্ষা, হাস্পতালত ভর্তি আৰু অব্যাহতিৰ সময়ত বিশেষ অগ্ৰাধিকাৰ
এই উদ্যোগৰ জৰিয়তে জি এন আৰ চি স্বাস্থ্যসেৱাৰ নতুন অধ্যায় উন্মোচন কৰিছে। জ্যেষ্ঠ নাগৰিকসকলৰ সুস্বাস্থ্য সুনিশ্চিত কৰাটো সংস্থাটোৰ মুখ্য লক্ষ্য।