উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেল সেৱা ব্যাহত কৰা  আন্দোলনকাৰীসকললৈ আইনগতভাৱে জাননী প্ৰদান 

  • Current
  • January 4, 2025
  • 0 Comments
Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেল সেৱা ব্যাহত কৰা

 আন্দোলনকাৰীসকললৈ আইনগতভাৱে জাননী প্ৰদান 

 

মালিগাওঁ, ০৪ জানুৱাৰী, ২০২৫:

 

 ২০২৪ চনৰ ১১ ডিচেম্বৰত বৃহত্তৰ কোচবিহাৰ পিপলছ এছ’চিয়েশ্যনৰ (জিচিপিএ) দ্বাৰা আলিপুৰদুৱাৰ মণ্ডলৰ জোৰাই ৰেল ষ্টেচনত কৰা ৰে’ল অৱৰোধৰ ফলত ৰেল সেৱাসমূহ ব্যাহত হৈ পৰিছিল। ৫০০০ তকৈও অধিক আন্দোলনকাৰী জোৰাই ষ্টেচন পৰিসৰত সমবেত হৈছিল আৰু সকলো ৰেলপথ অৱৰোধ কৰিছিল। ৰে’ল অৱৰোধৰ ফলস্বৰূপে, কেইবাখনো ৰেল বাতিল কৰিব লগা হয় আৰু লগতে কেইবাখনো ৰেল বিকল্প পথেৰে পৰিৱৰ্তন কৰা হৈছিল। ৰেলযোগে যাত্ৰা কৰা ৰেল যাত্ৰীসকলে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।

আন্দোলনকাৰীসকলে উপদ্ৰৱ সৃষ্টি কৰাৰ লগতে ৰেলৱেৰ ৰেল পৰিচালনা কৰা কাম কাজ ব্যৱস্থাত বাধা সৃষ্টি কৰিছিল। এই অৱৰোধটো সম্পূৰ্ণৰূপে অননুমোদিত আছিল আৰু আন্দোলনকাৰীসকলে ৰে’ল চলাচলত বাধা দি, যাত্ৰীসকলৰ সুৰক্ষা বিপদাপন্ন কৰি আৰু ৰে’ল চৌহদত অনধিকাৰ প্ৰৱেশ কৰি কেইবাটাও আইন উলংঘা কৰিছিল। কৰ্তব্যৰত আৰপিএফ, জিআৰপি আৰু স্থানীয় আৰক্ষী বিষয়াসকলে পিএ প্ৰণালী, লাউড হাইলাৰৰ জৰিয়তে কেইবাবাৰো আন্দোলনকাৰীসকলক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল আৰু আন্দোলন প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। কিন্তু আন্দোলনকাৰীসকলে ৰেলপথৰ পৰা বাধা প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। কৰ্তব্যৰত নিৰাপত্তা জোৱানসকলে গ্ৰহণ কৰা সকলো পদক্ষেপসমূহ আইন অনুসৰি কাৰ্যকৰী কৰা হৈছিল। এই বলপূৰ্বক ৰে’ল অৱৰোধৰ ফলস্বৰূপে, ৰে’লৱেই ৫.৬১ কোটি টকাৰ (আনুমাণিক) আৰ্থিক লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল। অৱৰোধৰ ফলত হোৱা আৰ্থিক লোকচানৰ বাবে, ৰে’লৱেই সেইদিনা আন্দোলনৰ নেতৃত্ব দিয়া জিচিপিএৰ কেইজনমান নেতাক চিজেএম/আলিপুৰদুৱাৰৰ মাননীয় আদালতৰ জৰিয়তে ক্ষতিপূৰণৰ জাননী প্ৰদান কৰিছিল। এনেকুৱা ধৰণৰ ক্ষতিপূৰণৰ কৰাৰ বাবে উক্ত সময়ত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আন্দোলনকাৰী গোটসমূহে ৰেলৱেক এক সুগম লক্ষ্য ৰূপে লয়, যদিও গোটটোৰ দাবীসমূহ কোনো প্ৰকাৰে ৰে’লৱেৰ সৈতে সম্পৰ্কিত নহয়। এনে গোটসমূহে কৰা অপৰাধসমূহ অত্যন্ত গুৰুতৰ আৰু ইয়াৰ সুদূৰপ্ৰসাৰী পৰিণাম আছে যাৰ পৰিণামস্বৰূপে যাত্ৰীৰ সুৰক্ষাক প্ৰত্যক্ষভাৱে বৃহৎ বিপদত পেলোৱা হয়। ৰে’লৱেই নিজৰ যাত্ৰীসকলক সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত আস্থাক বজাই ৰাখিবলৈ সদায় কাম কৰিব আৰু এনে গোটসমূহক কেতিয়াওঁ ৰে’লৱেক এক সহজ আৰু সুগম লক্ষ্য হিচাপে বাচি লোৱা তেওঁলোকৰ অবৈধ দাবীৰে কেতিয়াও অনুপ্ৰাণিত নকৰে।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    • Current
    • June 21, 2025
    • 3 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    Leave a Reply

    Your email address will not be published. Required fields are marked *