উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেল সেৱা ব্যাহত কৰা
আন্দোলনকাৰীসকললৈ আইনগতভাৱে জাননী প্ৰদান
মালিগাওঁ, ০৪ জানুৱাৰী, ২০২৫:
আন্দোলনকাৰীসকলে উপদ্ৰৱ সৃষ্টি কৰাৰ লগতে ৰেলৱেৰ ৰেল পৰিচালনা কৰা কাম কাজ ব্যৱস্থাত বাধা সৃষ্টি কৰিছিল। এই অৱৰোধটো সম্পূৰ্ণৰূপে অননুমোদিত আছিল আৰু আন্দোলনকাৰীসকলে ৰে’ল চলাচলত বাধা দি, যাত্ৰীসকলৰ সুৰক্ষা বিপদাপন্ন কৰি আৰু ৰে’ল চৌহদত অনধিকাৰ প্ৰৱেশ কৰি কেইবাটাও আইন উলংঘা কৰিছিল। কৰ্তব্যৰত আৰপিএফ, জিআৰপি আৰু স্থানীয় আৰক্ষী বিষয়াসকলে পিএ প্ৰণালী, লাউড হাইলাৰৰ জৰিয়তে কেইবাবাৰো আন্দোলনকাৰীসকলক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল আৰু আন্দোলন প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। কিন্তু আন্দোলনকাৰীসকলে ৰেলপথৰ পৰা বাধা প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। কৰ্তব্যৰত নিৰাপত্তা জোৱানসকলে গ্ৰহণ কৰা সকলো পদক্ষেপসমূহ আইন অনুসৰি কাৰ্যকৰী কৰা হৈছিল। এই বলপূৰ্বক ৰে’ল অৱৰোধৰ ফলস্বৰূপে, ৰে’লৱেই ৫.৬১ কোটি টকাৰ (আনুমাণিক) আৰ্থিক লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল। অৱৰোধৰ ফলত হোৱা আৰ্থিক লোকচানৰ বাবে, ৰে’লৱেই সেইদিনা আন্দোলনৰ নেতৃত্ব দিয়া জিচিপিএৰ কেইজনমান নেতাক চিজেএম/আলিপুৰদুৱাৰৰ মাননীয় আদালতৰ জৰিয়তে ক্ষতিপূৰণৰ জাননী প্ৰদান কৰিছিল। এনেকুৱা ধৰণৰ ক্ষতিপূৰণৰ কৰাৰ বাবে উক্ত সময়ত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।