
UPPL প্ৰতি তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ
“প্ৰমোদ বড়োৰ কোনো কাম নাই, চৰকাৰ বনাব নোৱাৰে” — হাগ্ৰামা মহিলাৰী
BPF ৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে UPPL আৰু তাৰ প্ৰধান প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ কৰিছে। তেওঁৰ মন্তব্য অনুসৰি —
“প্ৰমোদ বড়োৰ কোনো কাম নাই। অফিচত গাহৰি-ভাত খাই থাকে প্ৰমোদ বড়োৱে। আমাৰ যুঁজখন বিজেপিৰ লগতহে হ’ব, UPPLৰ লগত নহয়। প্ৰমোদ বড়োৰ চেহেৰা চাইয়ে গম পাই যে চৰকাৰ বনাব নোৱাৰে”।
হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যে পুনৰ এবাৰ বিটিআৰৰ ৰাজনীতিত উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিছে। আগন্তুক পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰত BPF আৰু UPPLৰ মাজত বাকযুদ্ধ দিন দিনেই তীব্ৰ হৈ পৰিছে।
👉 মহিলাৰীৰ এই কটাক্ষৰ জৱাবত UPPL শিবিৰে কেনেকুৱা প্ৰতিক্ৰিয়া জনায়, এতিয়া সকলোৱে সেদিকে দৃষ্টি ৰাখিছে।