
AICC য়ে আগবঢ়ালে মৃদুল ইছলামৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য
AICC সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু অসমৰ প্ৰতিপক্ষ নেতা ড০ ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে এই পদক্ষেপ লৈছে। এই আৰ্থিক সাহায্য মৃদুল ইছলামৰ পৰিয়ালৰ জীৱিকাৰ সংকট সমাধানৰ লগতে তেওঁলোকৰ মানসিক ভৰসা যোগাবলৈ আগবঢ়োৱা হৈছে।
অসমবাসীৰ মাজত এই সিদ্ধান্তৰ প্ৰতি ইতিবাচক সঁহাৰি দেখা গৈছে। মৃদুল ইছলামৰ অৱদানক স্মৰণ কৰি, তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে, এনেধৰণৰ সাহাৰ্য আগলৈও বজাই ৰখাৰ আহ্বান জনাইছে।