
উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা পাণ্ডুৰ বিশেষ এছ এণ্ড টি প্ৰশিক্ষণ কেন্দ্ৰৰ উল্লেখযোগ্য উন্নীতকৰণ
মালিগাওঁ, ২২ জানুৱাৰী, ২০২৫:
ৰে’লৰ সুৰক্ষিত পৰিচালন আৰু সেইসমূহৰ নিৰ্ভৰযোগ্যতা আৰু ৰক্ষণাবেক্ষণে ৰেলৰ সুৰক্ষা আৰু সময়ানুৱৰ্তীতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাৰ বাবে ৰে’লৱে চিগনেলিং প্ৰণালী অতি গুৰুত্বপূৰ্ণ। সেয়েহে, চিগনেল আৰু টেলিকম সঁজুলি ৰক্ষণাবেক্ষণত নিয়োজিত ৰে’ল কৰ্মচাৰীসকলৰ সঠিক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ সৰ্বাধিক গুৰুত্বপূৰ্ণ। কৰ্মচাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নীতকৰণসমূহ এই একেই দৃষ্টিভংগীৰে সম্পাদন কৰা হৈছে।
ইণ্টাৰনেট প্ৰটোকল মাল্টিপ্ৰটোকল লেবেল চুইচিং হৈছে ভাৰতীয় ৰেলৰ এক প্ৰযুক্তিগত উন্নয়ন যি যোগাযোগৰ গতিবেগ আৰু আইপি আধাৰিত প্ৰযুক্তি উন্নত কৰিব। ইয়াৰ উপৰিও, প্ৰশিক্ষাৰ্থীসকলৰ উন্নত প্ৰশিক্ষণ অভিজ্ঞতাৰ বাবে শ্ৰেণীকোঠাত ইণ্টাৰেক্টিভ স্ক্ৰীণ প্ৰদান কৰি আজিৰ সময়ৰ নতুন যুগৰ প্ৰশিক্ষণ পদ্ধতি গ্ৰহণ কৰা হৈছে।
উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ কৰ্মচাৰীসকলক ৰে’লৱেৰ কামকাজৰ সকলো দিশতে আধুনিক আৰু কাৰ্যকৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। এইক্ষেত্ৰত এইটো আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।