BTR NEWS

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা পাণ্ডুৰ বিশেষ এছ এণ্ড টি প্ৰশিক্ষণ কেন্দ্ৰৰ উল্লেখযোগ্য উন্নীতকৰণ 

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা পাণ্ডুৰ বিশেষ এছ এণ্ড টি প্ৰশিক্ষণ কেন্দ্ৰৰ উল্লেখযোগ্য উন্নীতকৰণ 

 

 

মালিগাওঁ, ২২ জানুৱাৰী, ২০২৫:

 

প্ৰযুক্তিৰ দ্ৰুত আধুনিকীকৰণৰ সৈতে খোজ মিলাই কৰ্মচাৰীসকলক অত্যাধুনিক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ প্ৰদান কৰাৰ লক্ষ্যত, উত্তৰ পূব সীমান্ত ৰে’লৱেই মালিগাঁৱৰ পাণ্ডুস্থিত বিশেষ এছ এণ্ড টি প্ৰশিক্ষণ কেন্দ্ৰৰ উল্লেখযোগ্য উন্নীতকৰণ সম্পন্ন কৰিছে। এই উন্নীতকৰণসমূহৰ ভিতৰত আছে ডিজিটেলভাৱে সক্ষম শ্ৰেণীকোঠা আৰু শেহতীয়া চিগনেলিং প্ৰযুক্তি যেনে ক্লেম্প টাইপ পইণ্ট মেচিনৰ সৈতে থিক ৱেব চুইচ, মাল্টি ছেক্সন ডিজিটেল এক্সেল কাউণ্টাৰ আদিৰ সম্পূৰ্ণ মডেলসমূহ যি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে ২২ জানুৱাৰী, ২০২৫ তাৰিখে অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে উদ্বোধন কৰে।

ৰে’লৰ সুৰক্ষিত পৰিচালন আৰু সেইসমূহৰ নিৰ্ভৰযোগ্যতা আৰু ৰক্ষণাবেক্ষণে ৰেলৰ সুৰক্ষা আৰু সময়ানুৱৰ্তীতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাৰ বাবে ৰে’লৱে চিগনেলিং প্ৰণালী অতি গুৰুত্বপূৰ্ণ। সেয়েহে, চিগনেল আৰু টেলিকম সঁজুলি ৰক্ষণাবেক্ষণত নিয়োজিত ৰে’ল কৰ্মচাৰীসকলৰ সঠিক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ সৰ্বাধিক গুৰুত্বপূৰ্ণ। কৰ্মচাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নীতকৰণসমূহ এই একেই দৃষ্টিভংগীৰে সম্পাদন কৰা হৈছে।

ক্লেম্প টাইপ পইণ্ট মেচিনৰ সৈতে থিক ৱেব চুইচে ৰেলপথৰ পইণ্ট আৰু ক্ৰছিংসমূহৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰে, কিয়নো ক্লেম্পটোৱে চুইচ আৰু ষ্টক ৰেলৰ অতিৰিক্ত দৃঢ়তা প্ৰদাণ কৰে। লগতে, ই ৰে’লৰ খণ্ডগত গতিবেগ প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাত সহায় কৰে। মাল্টি ছেক্সন ডিজিটেল এক্সেল কাউণ্টাৰ (এমএছডিএচি) হৈছে এক সুৰক্ষা ইন্টেগ্ৰিটি স্তৰ (এছআইএল৪) য’ত অত্যাধুনিক ডায়গনষ্টিক বৈশিষ্ট্য আছে। ই নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰে কিয়নো প্ৰণালীটোৱে দ্বৈত মোডত কাম কৰে। ট্ৰেক চাৰ্কিটেড এলেকাত পানী জমা হোৱাৰ দৰে সমস্যাসমূহ এমএছডিএচি প্ৰদান কৰি মোকাবিলা কৰিব পৰা যায়।

 

 

ইণ্টাৰনেট প্ৰটোকল মাল্টিপ্ৰটোকল লেবেল চুইচিং হৈছে ভাৰতীয় ৰেলৰ এক প্ৰযুক্তিগত উন্নয়ন যি যোগাযোগৰ গতিবেগ আৰু আইপি আধাৰিত প্ৰযুক্তি উন্নত কৰিব। ইয়াৰ উপৰিও, প্ৰশিক্ষাৰ্থীসকলৰ উন্নত প্ৰশিক্ষণ অভিজ্ঞতাৰ বাবে শ্ৰেণীকোঠাত ইণ্টাৰেক্টিভ স্ক্ৰীণ প্ৰদান কৰি আজিৰ সময়ৰ নতুন যুগৰ প্ৰশিক্ষণ পদ্ধতি গ্ৰহণ কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ কৰ্মচাৰীসকলক ৰে’লৱেৰ কামকাজৰ সকলো দিশতে আধুনিক আৰু কাৰ্যকৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। এইক্ষেত্ৰত এইটো আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

Exit mobile version