তামুলপুৰ জিলা প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ*

Telegram

*তামুলপুৰ জিলা প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ*

 

*তামুলপুৰ, ২০ জানুৱাৰী ২০২৫* :

 

সমাগত ২৩ জানুৱাৰীত নৱগঠিত তামুলপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। তদুপলক্ষে জিলা প্ৰশাসনে বিশেষকৈ পাঁচটা কাৰ্যসূচী হাতত লৈছে। “এক দিন আৰ্মী কে সাথ” শীৰ্ষক প্ৰথম কাৰ্যসূচী অনুসৰি ৫০গৰাকী চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সেনা শিবিৰ পৰিদৰ্শন কৰোৱা হ’ব। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জনোৱা মতে, শিক্ষাৰ্থীসকলৰ মাজত স্বদেশপ্ৰেমৰ ভাব জাগ্ৰত কৰোৱাৰ উপৰি কেৰিয়াৰ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে এই দিনজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে।

 

দ্বিতীয় কাৰ্যসূচী অনুসৰি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ দ্বাৰা চাফাই অভিযান চলোৱা হ’ব। ঠিক তেনেকৈ তামুলপুৰ পৌৰসভাক এখন আৰু গোৰেশ্বৰ পৌৰসভাক দুখন অট’ভেন প্ৰদান কৰা হ’ব, যাতে জাবৰ নিষ্কাশন কৰি নগৰ দুখন পৰিষ্কাৰ কৰি ৰাখিব পৰা যায়‌। ইয়াৰ সমান্তৰালভাৱে “ড্ৰাগছমুক্ত তামুলপুৰ” শীৰ্ষক কাৰ্যসূচীত জিলাখনৰ ৭০,৯৮৯ মহিলা আত্মসহায়ক গোটৰ সদস্যাই দিনৰ এঘাৰ বজাত ড্ৰাগছৰ বিৰুদ্ধে শপত ল’ব। আনহাতে “বৃক্ষৰোপণ” কাৰ্যসূচীত সকলো চৰকাৰী কাৰ্যালয়ৰ চৌহদত বৃক্ষৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ সম্পৰ্কত আজি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলা কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকসকলৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকৰ শেষত ভোগালী বিহু আৰু নৱবৰ্ষ উপলক্ষে জিলা প্ৰশাসনে সাংবাদিকসকলক একোটিকৈ উপহাৰৰ টোপোলাও প্ৰদান কৰে। জিলা আয়ুক্তগৰাকী আটাইবোৰ কাৰ্যসূচী সফল কৰি তোলাত ৰাইজৰ সহযোগিতা আৰু শুভকামনা বিচাৰিছে।

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *