*তামুলপুৰ জিলা প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ*
*তামুলপুৰ, ২০ জানুৱাৰী ২০২৫* :
দ্বিতীয় কাৰ্যসূচী অনুসৰি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ দ্বাৰা চাফাই অভিযান চলোৱা হ’ব। ঠিক তেনেকৈ তামুলপুৰ পৌৰসভাক এখন আৰু গোৰেশ্বৰ পৌৰসভাক দুখন অট’ভেন প্ৰদান কৰা হ’ব, যাতে জাবৰ নিষ্কাশন কৰি নগৰ দুখন পৰিষ্কাৰ কৰি ৰাখিব পৰা যায়। ইয়াৰ সমান্তৰালভাৱে “ড্ৰাগছমুক্ত তামুলপুৰ” শীৰ্ষক কাৰ্যসূচীত জিলাখনৰ ৭০,৯৮৯ মহিলা আত্মসহায়ক গোটৰ সদস্যাই দিনৰ এঘাৰ বজাত ড্ৰাগছৰ বিৰুদ্ধে শপত ল’ব। আনহাতে “বৃক্ষৰোপণ” কাৰ্যসূচীত সকলো চৰকাৰী কাৰ্যালয়ৰ চৌহদত বৃক্ষৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ সম্পৰ্কত আজি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলা কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকসকলৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকৰ শেষত ভোগালী বিহু আৰু নৱবৰ্ষ উপলক্ষে জিলা প্ৰশাসনে সাংবাদিকসকলক একোটিকৈ উপহাৰৰ টোপোলাও প্ৰদান কৰে। জিলা আয়ুক্তগৰাকী আটাইবোৰ কাৰ্যসূচী সফল কৰি তোলাত ৰাইজৰ সহযোগিতা আৰু শুভকামনা বিচাৰিছে।