উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলপথৰ ওপৰত অননুমোদিত অনধিকাৰ প্ৰৱেশ প্ৰতিহত কৰাৰ পদক্ষেপ 

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলপথৰ ওপৰত অননুমোদিত অনধিকাৰ প্ৰৱেশ প্ৰতিহত কৰাৰ পদক্ষেপ 

 

মালিগাওঁ, ২৫ ডিচেম্বৰ, ২০২৪:

 

উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’লপথত অননুমোদিত অনধিকাৰ প্ৰৱেশ থকা স্থানসমূহ বেৰিকেডিং আৰু ট্ৰেঞ্চিঙৰ কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে অননুমোদিত স্থানত ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতে বহু লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। অধিক সুৰক্ষা নিশ্চিত কৰাৰ অভিযানৰ অংশ হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেই ইতিমধ্যে সকলো মানৱবিহীন লেভেল ক্ৰছিং গেট অপসাৰণ কৰিছে। ইয়াৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’লপথৰ অননুমোদিত ক্ৰছিং নিষিদ্ধ কৰাৰ বাবেও প্ৰচেষ্টা চলাই আছে, যাৰ পৰিণামস্বৰূপে মাৰাত্মক দুৰ্ঘটনা সংঘটিত হব পাৰে।

উত্তৰ পূব সীমান্ত ৰেলৱেই বাৰে বাৰে দূৰ্ঘটনা সংঘটিত হোৱা সেই গুৰুত্বপূৰ্ণ স্থানসমূহ চিনাক্ত কৰিছে আৰু দুৰ্ঘটনা কম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেত মুঠ ৯৫০ টা অনুমোদিত চিনাক্তকৰণ কৰা অনধিকাৰ প্ৰৱেশ স্থানৰ ভিতৰত ৮০৯ টা ইতিমধ্যে বেৰিকেড কৰা হৈছে, তিনিচুকীয়াত ২৩৫ টা, লামডিঙত ২২১ টা, ৰঙিয়াত ৮৮ টা, আলিপুৰদুৱাৰত ১৭১ টা আৰু কাটিহাৰত ৯৪ টা স্থান বেৰিকেড কৰা হৈছে। মাৰাত্মক ঘটনাৰ পৰা হাত সাৰিবলৈ অননুমোদিত স্থানসমূহত ৰে’লপথৰ ওপৰত অতিক্ৰম কৰা যাতে পৰিহাৰ কৰা যায় তাৰ বাবে সাধাৰণ জনসাধাৰণক শিক্ষিত কৰি বিদ্যালয়, মহাবিদ্যালয়, পঞ্চায়ত আদিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

২৩ ডিচেম্বৰ, ২০২৪ তাৰিখে এক অনুষ্ঠানত ৱালিংডিছা আৰু দলদলি গাঁৱৰ সমীপৰ ডিফু আৰু দলদলিৰ মাজত এক অননুমোদিত অনধিকাৰ প্ৰৱেশৰ স্থানত ৰে’ল কৰ্তৃপক্ষই বেৰিকেড আৰোপ কৰে। ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াসকলে অভিযান্ত্ৰিক বিষয়াবৰ্গৰ সৈতে গাওঁবাসীক যোগাযোগ কৰিছিল আৰু ৰেলপথৰ কামত বাধা দিয়া আৰু ৰেলপথ অতিক্ৰম কৰাৰ আইনী পৰিণামৰ বিষয়ে তেওঁলোকক অৱগত কৰিছিল। ৰেলৱে সুৰক্ষা বাহিনী আৰু বিশেষ চোৰাংচোৱা শাখাই স্থানীয় গাওঁবাসী আৰু ৱালিংডিছা আৰু দলদলি গাঁৱৰ মুৰব্বীসকলৰ সৈতে সেই স্থানৰ পৰিদৰ্শন কৰি মত বিনিময় কৰি অননুমোদিত অনধিকাৰ প্ৰৱেশৰ স্থানসমূহত বন্ধ কৰাত সহায় কৰিবলৈ মঞ্জুৰী প্ৰদান কৰে।

উত্তৰ পূব সীমান্ত ৰে’লৱেই, ৰে’লচৌহদৰ অননুমোদিত ক্ৰছিং আৰু অনধিকাৰ প্ৰৱেশক নিৰুৎসাহিত কৰি আহিছে (ৰে’লপথসহ)আৰু জনসাধাৰণক ৰে’লৱে সুৰক্ষাৰ নিয়ম অনুসৰণ কৰিবলৈ প্ৰতিদিনে পৰামৰ্শ প্ৰদান কৰিছে। অননুমোদিত স্থানত ৰে’লচৌহদত অনধিকাৰ প্ৰৱেশ কৰাটো এক দণ্ডনীয় অপৰাধ আৰু সাধাৰণ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰেলৱেৰ দ্বাৰা এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয়।

  • Related Posts

    Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations

    Telegram

    TelegramTweetIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations   Maligaon, 16th September, 2025:   The Ministry of Railways has announced a new measure to ensure that the benefits of…

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *