উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰেলপথৰ ওপৰত অননুমোদিত অনধিকাৰ প্ৰৱেশ প্ৰতিহত কৰাৰ পদক্ষেপ
মালিগাওঁ, ২৫ ডিচেম্বৰ, ২০২৪:
উত্তৰ পূব সীমান্ত ৰেলৱেই বাৰে বাৰে দূৰ্ঘটনা সংঘটিত হোৱা সেই গুৰুত্বপূৰ্ণ স্থানসমূহ চিনাক্ত কৰিছে আৰু দুৰ্ঘটনা কম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেত মুঠ ৯৫০ টা অনুমোদিত চিনাক্তকৰণ কৰা অনধিকাৰ প্ৰৱেশ স্থানৰ ভিতৰত ৮০৯ টা ইতিমধ্যে বেৰিকেড কৰা হৈছে, তিনিচুকীয়াত ২৩৫ টা, লামডিঙত ২২১ টা, ৰঙিয়াত ৮৮ টা, আলিপুৰদুৱাৰত ১৭১ টা আৰু কাটিহাৰত ৯৪ টা স্থান বেৰিকেড কৰা হৈছে। মাৰাত্মক ঘটনাৰ পৰা হাত সাৰিবলৈ অননুমোদিত স্থানসমূহত ৰে’লপথৰ ওপৰত অতিক্ৰম কৰা যাতে পৰিহাৰ কৰা যায় তাৰ বাবে সাধাৰণ জনসাধাৰণক শিক্ষিত কৰি বিদ্যালয়, মহাবিদ্যালয়, পঞ্চায়ত আদিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
২৩ ডিচেম্বৰ, ২০২৪ তাৰিখে এক অনুষ্ঠানত ৱালিংডিছা আৰু দলদলি গাঁৱৰ সমীপৰ ডিফু আৰু দলদলিৰ মাজত এক অননুমোদিত অনধিকাৰ প্ৰৱেশৰ স্থানত ৰে’ল কৰ্তৃপক্ষই বেৰিকেড আৰোপ কৰে। ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াসকলে অভিযান্ত্ৰিক বিষয়াবৰ্গৰ সৈতে গাওঁবাসীক যোগাযোগ কৰিছিল আৰু ৰেলপথৰ কামত বাধা দিয়া আৰু ৰেলপথ অতিক্ৰম কৰাৰ আইনী পৰিণামৰ বিষয়ে তেওঁলোকক অৱগত কৰিছিল। ৰেলৱে সুৰক্ষা বাহিনী আৰু বিশেষ চোৰাংচোৱা শাখাই স্থানীয় গাওঁবাসী আৰু ৱালিংডিছা আৰু দলদলি গাঁৱৰ মুৰব্বীসকলৰ সৈতে সেই স্থানৰ পৰিদৰ্শন কৰি মত বিনিময় কৰি অননুমোদিত অনধিকাৰ প্ৰৱেশৰ স্থানসমূহত বন্ধ কৰাত সহায় কৰিবলৈ মঞ্জুৰী প্ৰদান কৰে।
উত্তৰ পূব সীমান্ত ৰে’লৱেই, ৰে’লচৌহদৰ অননুমোদিত ক্ৰছিং আৰু অনধিকাৰ প্ৰৱেশক নিৰুৎসাহিত কৰি আহিছে (ৰে’লপথসহ)আৰু জনসাধাৰণক ৰে’লৱে সুৰক্ষাৰ নিয়ম অনুসৰণ কৰিবলৈ প্ৰতিদিনে পৰামৰ্শ প্ৰদান কৰিছে। অননুমোদিত স্থানত ৰে’লচৌহদত অনধিকাৰ প্ৰৱেশ কৰাটো এক দণ্ডনীয় অপৰাধ আৰু সাধাৰণ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰেলৱেৰ দ্বাৰা এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয়।