
ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ দ্বাৰা ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ সাহসী জোৱানসকলক সন্মানিতকৰণ
মালিগাওঁ, ২৭ ডিচেম্বৰ, ২০২৪:
নতুন দিল্লীৰ ৰেল ভৱন পৰিসৰৰ সমীপৰ বৃত্তাকাৰ পথৰ কাষতে থকা সংসদ ভৱন গেটৰ সন্মুখত যোৱা ২৫ ডিচেম্বৰ, ২০২৪ তাৰিখে আবেলি প্ৰায় ৩:১৫ বজাত, ৩০ বছৰ বয়সৰ এজন ব্যক্তিয়ে নিজৰ গাত জুই লগাই দিয়ে। ব্যক্তিজনক জুইয়ে আৱৰি ধৰাত, তেওঁ সংসদ ভৱন এলেকাৰ ফালে দৌৰি যায়। ঘটনাটো লক্ষ্য কৰি থকা, ৰে’ল ভৱনৰ ৬ নং গেটত নিয়োজিত কৰ্তব্যৰত আৰপিএছএফ কনিষ্টবলসকলে তৎক্ষণাৎ উপস্থিত বুদ্ধিৰে উদ্ধাৰ কাৰ্যত নামি পৰে। তেওঁলোকে কাষতে থকা পথচাৰীসকলৰ সহায়ত জুই নুমুৱাবলৈ গেটতে থকা দুখন কম্বল লগে লগে ব্যৱহাৰ কৰে। তেওঁলোকৰ দ্ৰুত সঁহাৰিয়ে পথচাৰীসকলৰ বাবে বিপদাশংকা হ্ৰাস কৰাৰ লগতে পৰিস্থিতিটো আৰু বেয়া হোৱাৰ বাবে বাধা দিয়ে। আঘাতপ্ৰাপ্ত ব্যক্তিজন অতি গুৰুতৰভাৱে জ্বলি যায় আৰু তৎক্ষণাৎ কৰ্তব্য পথত থকা এছএইচও জনে নিজৰ টীমৰ সৈতে ঘটনাস্থলীত পুলিচ প্ৰশাসনৰ সৈতে উপস্থিত হয়। পিছত জ্বলি যোৱা ভুক্তভোগীজনক অধিক চিকিৎসাৰ বাবে ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ৰে’লৱে সুৰক্ষা বাহিনীয়ে নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ জোৱানসকলে প্ৰদৰ্শন কৰা সাহসে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অটল সমৰ্পণৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰে।