২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ : গাঁৱে – গাঁৱে ঘৰে ঘৰে বিজিৎ গৗড়া নাৰ্জাৰীৰ মাৰাথান প্ৰচাৰ ৷ 

  • Current
  • September 8, 2025
  • 0 Comments
Telegram

২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ : গাঁৱে – গাঁৱে ঘৰে ঘৰে বিজিৎ গৗড়া নাৰ্জাৰীৰ মাৰাথান প্ৰচাৰ ৷ 

==============================

কুমাৰীকাটা,৮ ছেপ্টেম্বৰ :–

বিটিচি নিৰ্বাচনৰ দিনচমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহে নিৰ্বাচনি প্ৰচাৰ আৰম্ভ কৰিছে । বিটিচিৰ ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ বিজেপিৰ পাৰ্থী বাজিৎ গৌড়া নাৰ্জাৰীয়ে থলুৱা সমস্যাক প্ৰাধান্য দি সমষ্টিটোৰ গাঁৱে ভূঁঞে আনকি ঘৰে ঘৰেগৈ নিৰ্বাচনী প্ৰচাৰ চলাই সমৰ্থক সকলৰ লগতে সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিজিৎ গৗড়া নাৰ্জাৰীয়ে প্ৰচাৰ চলাই স্থানীয় লোকসকলৰ মাজত বিজেপি দলৰ শাসন কালৰ চৰকাৰী আঁচনি সমূহৰ ৱিষয়ে অৱগত কৰি আগন্তুক বিটিচি নিৰ্বাচনত পদুম ফুলৰ ছৱিত ভোট দিবলৈ আহ্বান জনাইছে ৷ সমষ্টিটোৰ প্ৰাৰ্থী বিজিৎ গৗড়া নাৰ্জাৰীয়ে আজি দিনৰ ভাগত বৃহত্তৰ কান্দুলিমাৰা অঞ্চলৰ কেবাটাও চুবুৰীত সৰু সৰু গোটত নিৰ্বাচনী সভাৰ আয়োজন কৰি ভোটাৰ ৰাইজৰ মাজত বিজেপি দলক কিয় ভোট দিব লাগে ৰাইজৰ কি কি লাভ হব তাক দাঙি ধৰে ৷ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী তথা তিনিটাকৈ কাৰ্যকাল এম চি এল এ আৰু কাৰ্যবাহী সদস্য হিচাপে শাসনৰ ভাৰ লোৱাৰ পিছত চতুৰ্থবাৰৰ বাবে পুনৰ বিটিচি ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনী ৰণত নামিছে বিজিৎ গৗড়া নাৰ্জাৰী৷ আজি আবেলি আনন্দ বজাৰত স্থানীয় ব্যৱসায়ী সকলৰ সতে মতবিনিময় কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷ কান্দুলীমাৰাত আজি বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজিৎ গৗড়া সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই বিজেপি দলত স্থানীয় যুৱক সকলে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ৷ আজি বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি নেতা সোমনাথ বসুমতাৰী ,পদুম দাংগী সহ দলীয় কৰ্মকৰ্তা আৰু বুথ সমিতি সমূহৰ সভাপতি শক্তিকেন্দ্ৰৰ দায়িত্ববাহী সকল উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *