
২০২৫-২৬ বৰ্ষত ৩৫ জিলাৰ ১০০খন বিদ্যালয় উন্নয়নৰ লক্ষ্য: টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন ভৱনৰ নিৰ্মাণ আৰম্ভ
অসম চৰকাৰে ৰাজ্যজুৰি উন্নত শিক্ষাৰ ক্ষেত্ৰ সৃষ্টি কৰিবলৈ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫-২৬ বৰ্ষৰ ভিতৰত ৰাজ্যৰ ৩৫খন জিলাৰ ১০০খন বিদ্যালয়ক উন্নত শৈক্ষিক পৰিকাঠামোৰে সজ্জিত কৰাৰ বৃহৎ লক্ষ্যৰে এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি সংবৰ্ধনৰ কাম আৰম্ভ কৰা হৈছে।
এই প্ৰচেষ্টাৰ অংশ হিচাপে, আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যবাহী টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।
গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি-৩১ৰ অধীনত ৭.৫ কোটি টকা ব্যয়েৰে এই নতুন ভৱনখন নিৰ্মাণ কৰা হ’ব। এই নতুন পৰিকাঠামোৱে বিদ্যালয়খনৰ শিক্ষাৰ গুণমান বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে আধুনিক সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ প্ৰাক্তন বিধায়ক শ্ৰী বনেন্দ্ৰ কুমাৰ মুছাহাৰী আৰু শ্ৰী অশোক কুমাৰ সিংঘী।
শৈক্ষিক প্ৰগতিৰ নতুন দিশ সূচোৱা এই প্ৰয়াসৰ জৰিয়তে অঞ্চলটোৰ শিক্ষা ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন আহি পৰাৰ আশা কৰা হৈছে।