মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

Telegram

মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ ভ্ৰমণ কৰিব আৰু প্ৰায় ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আৰু উদ্বোধন আৰু ৰাষ্ট্ৰলৈ সমৰ্পন কৰিব, যি ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থাৰ দিশত এক বিস্তৃত সমৃদ্ধি প্ৰদান কৰিব।

এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য হ’ব ৰেলৱে প্ৰকল্পসমূহ, যিয়ে বিহাৰৰ পৰিবহণ নেটৱৰ্ক শক্তিশালী কৰাত এক ঐতিহাসিক পদক্ষেপৰ সূচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে আৰাৰিয়া – গলগলিয়া (ঠাকুৰগঞ্জ) নতুন ৰেল পথৰ উদ্বোধন কৰিব, যাৰ দ্বাৰা আৰাৰিয়া আৰু কিষাণগঞ্জ জিলাৰ মাজত প্ৰত্যক্ষ সংযোগৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ব। এই প্ৰকল্পটো ভাৰতীয় ৰেলৱেৰ হৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৰূপায়ন কৰা এক গুৰুত্বপূৰ্ণ প্ৰকল্প, য’ত ৪,৪১০ কোটি টকাৰো অধিক ব্যয় কৰা হৈছে। প্ৰায় ১১১ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি এই প্ৰকল্পত কেইবাখনো বৃহৎ আৰু সৰু সেতু লগতে ১৫ টা ষ্টেচন অন্তৰ্ভুক্ত আছে। উদ্বোধনৰ পিছত এই প্ৰকল্পই সীমাঞ্চল অঞ্চলত যাত্ৰী আৰু মালবাহী ৰেলৰ সংযোগক গুৰুত্বপূৰ্ণভাৱে সঁহাৰি প্ৰদান কৰিব। ইয়াৰ উপৰিও ই নেপালৰ সৈতে সীমান্তৰ উভয় দিশত বাণিজ্যৰ সুযোগ বৃদ্ধি কৰিব, যাৰ ফলত বিহাৰৰ সামাজিক-অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে বিক্ৰমশীলা – কাটাৰিয়া ৰেল পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় ২,১৭০ কোটি টকাৰো অধিক আৰু যিয়ে গংগা নদীৰ ওপৰেৰে এখন নতুন ৰেল সংযোগ প্ৰদান কৰিব। এই প্ৰকল্পসমূহৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে চাৰিখন নতুন ৰেল সেৱাৰ উদ্বোধন কৰিব যিয়ে সংযোগ আৰু সুবিধাৰ দিশত নতুন পথ মুকলি কৰিব। এই ৰেলসমূহৰ নিয়মীয়া সেৱাৰ ভিতৰত আছে ৰেল নং ১৫৭০১ (কাটিহাৰ – শিলিগুড়ী) এক্সপ্ৰেছ, যিখন আৰাৰিয়া–গলগলিয়া নতুন ৰেল পথ হৈ কাটিহাৰৰ পৰা প্ৰতিদিনে ১৭-০৯-২০২৫ তাৰিখৰ পৰা ০৫:০০ বজাত প্ৰস্থান কৰি একেদিনাই ১০:১৫ বজাত শিলিগুড়ীত গৈ পাব। একেদৰে, ৰেল নং ২৬৩০১ (যোগবানী–দানাপুৰ) বন্দে ভাৰত এক্সপ্ৰেছ যোগবানীৰ পৰা ১৮-০৯-২০২৫ তাৰিখৰ পৰা প্ৰতিদিনে (বুধবাৰৰ বাহিৰে) ০৩:২৫ বজাত প্ৰস্থান কৰি একেদিনাই ১১:৩০ বজাত দানাপুৰত গৈ উপস্থিত হ’ব। দুখন অমৃত ভাৰত এক্সপ্ৰেছ ৰেল, এখন যোগবানী-ইৰ’ডৰ মাজত আৰু আনখন সহৰসা-ছেহাৰ্টা (অমৃতসৰ)ৰ মাজত, উদ্বোধন কৰা হ’ব। এই প্ৰকল্প আৰু সেৱাসমূহে বিহাৰৰ জনসাধাৰণৰ বাবে আঞ্চলিক আৰু দীৰ্ঘ দূৰত্বৰ উভয়ৰে ৰেল ভ্ৰমণক উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব।

ৰেলৱে খণ্ডৰ বাহিৰেও প্ৰধানমন্ত্ৰীয়ে ভাগলপুৰৰ পিৰপাইন্তিত ৩x৮০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই নতুন প্ৰকল্পটো বিহাৰৰ সৰ্ববৃহৎ বেচৰকাৰী খণ্ডৰ বিনিয়োগ হ’ব, যাৰ ব্য ২৫,০০০ কোটি টকা। এই প্ৰকল্পটো আল্ট্ৰা চুপাৰ ক্ৰিটিকেল আৰ্হিত প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পই বিহাৰৰ শক্তি নিৰাপত্তাক শক্তিশালী কৰাৰ লগতে নিৰ্দিষ্ট বিদ্যুৎ বিতৰণ উপলব্ধ কৰিব। তেওঁ পূৰ্ণিয়া বিমানবন্দৰত নতুন চিভিল এনক্লেভৰ অন্তৰ্বৰ্তী টাৰ্মিনেল ভৱনৰো উদ্বোধন কৰিব, যিয়ে উত্তৰ বিহাৰৰ বাবে উন্নত বিমান চলাচলৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় মখনা ব’ৰ্ডৰো উদ্বোধন কৰিব, যিয়ে বিহাৰৰ মখনা খেতিৰ প্ৰাধান্য আৰু কৃষকসকলৰ বাবে ইয়াৰ সম্ভাৱনাক স্বীকৃতি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষকৈ সংযোগ, গ্ৰাম্য সৱলীকৰণ আৰু কৃষিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে বিহাৰত দ্ৰুত উন্নয়নৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। এই উচ্চাভিলাষী প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনে ৰাজ্যখনৰ উন্নয়নৰ পৰিক্ৰমাত এটা নতুন অধ্যায়ৰ সূচনা কৰিব, যিয়ে বিভিন্ন খণ্ডৰ জনসাধাৰণৰ বাবে সুবিধা নিশ্চিত কৰি তুলিব।

 

  • Related Posts

    প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

    Telegram

    TelegramTweetপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন মিজোরামের জনগণের জন্য ঐতিহাসিক দিন, আইজল ভারতের রেল মানচিত্রের সাথে সংযুক্ত হচ্ছে মালিগাঁও,…

    ভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন

    Telegram

    TelegramTweetভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন মালিগাঁও, ১১ ছেপ্টেম্বৰ, ২০২৫: ভাৰতীয় ৰেলৱেই মিজোৰামৰ ৰাজধানী আইজলৰ ছাইৰাং ষ্টেচনৰ পৰা তিনিযোৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *