
মাঘৰ বিহুৰ উৰুকাৰ দিনা ১৮ কেজি ওজনৰ মাছ মুখ্যমন্ত্ৰীক উপহাৰ দিও কোকৰাঝাৰৰ CDPO সূৰ্য্য বৰুৱাৰ সাৰি নগল।
এই ঘটনাই বহু প্ৰশ্নৰ জন্ম দিছে। এতিয়া বহুতে ভাবিবলৈ বাধ্য হৈছে, উৰুকাৰ দিনা “মামাক” উপহাৰ দিয়া মাছৰ সৈতে এই কাণ্ডৰ কোনো সম্পৰ্ক আছে নেকি। জনতাৰ মাজত এটা চৰ্চা হৈছে—সেই মাছৰ উপহাৰটোও গোপনে কোনো বেআইনী লেনদেনৰ অংশ আছিল নেকি।
আৰু এই ঘটনাৰ পিছত এটা বিশেষ মন্তব্য চৰ্চাত উঠিছে। “মামাক ডাঙৰ মাছ অতুল চাৰেও উপহাৰ দিছিল নহয়।” এই কথাৰে এটা গুৰুত্বপূর্ণ ইঙ্গিত দিয়া হৈছে। কিয়নো, ভিজিলেঞ্চৰ অভিযানত ধৰা পৰা টকাৰ পেছাত চুক্তি বা বেআইনী লেনদেনৰ গন্ধ আছে বুলিও বহুতে সন্দেহ কৰিছে।
বিস্তারিত তথ্য ওলালেহে এই ঘটনা জনসাধাৰণৰ বাবে সম্পূৰ্ণৰূপে স্পষ্ট হ’ব।