BTR NEWS

মাঘৰ বিহুৰ উৰুকাৰ দিনা ১৮ কেজি ওজনৰ মাছ মুখ্যমন্ত্ৰীক উপহাৰ দিও কোকৰাঝাৰৰ CDPO সূৰ্য্য বৰুৱাৰ সাৰি নগল।

Telegram

মাঘৰ বিহুৰ উৰুকাৰ দিনা ১৮ কেজি ওজনৰ মাছ মুখ্যমন্ত্ৰীক উপহাৰ দিও কোকৰাঝাৰৰ CDPO সূৰ্য্য বৰুৱাৰ সাৰি নগল।

 

মাঘৰ বিহুৰ উৰুকাৰ দিনা অসমত এটা ঘটনা বৰ্তমান তীব্ৰ আলোচনাৰ বিষয়। কোকৰাঝাৰৰ CDPO (Child Development Project Officer) সূৰ্য্য বৰুৱাই সেয়া দিনা ১৮ কেজি ওজনৰ ডাঙৰ মাছ “মামাক” উপহাৰ দিছিল বুলি বাতৰি ওলাইছে। তাতো কথা শেষ নহয়। তাৰ কিছু দিনৰ পাছতে তেওঁ বাসগৃহত CM ভিজিলেঞ্চৰ অভিযান চলি প্ৰায় ₹৪৫ লাখ ৭৭ হাজাৰ টকা উদ্ধাৰ হৈছে।

 

এই ঘটনাই বহু প্ৰশ্নৰ জন্ম দিছে। এতিয়া বহুতে ভাবিবলৈ বাধ্য হৈছে, উৰুকাৰ দিনা “মামাক” উপহাৰ দিয়া মাছৰ সৈতে এই কাণ্ডৰ কোনো সম্পৰ্ক আছে নেকি। জনতাৰ মাজত এটা চৰ্চা হৈছে—সেই মাছৰ উপহাৰটোও গোপনে কোনো বেআইনী লেনদেনৰ অংশ আছিল নেকি।

 

আৰু এই ঘটনাৰ পিছত এটা বিশেষ মন্তব্য চৰ্চাত উঠিছে। “মামাক ডাঙৰ মাছ অতুল চাৰেও উপহাৰ দিছিল নহয়।” এই কথাৰে এটা গুৰুত্বপূর্ণ ইঙ্গিত দিয়া হৈছে। কিয়নো, ভিজিলেঞ্চৰ অভিযানত ধৰা পৰা টকাৰ পেছাত চুক্তি বা বেআইনী লেনদেনৰ গন্ধ আছে বুলিও বহুতে সন্দেহ কৰিছে।

 

এতিয়া এই ঘটনাৰ আঁৰত থকা আসল তথ্যসমূহ চম্পূৰ্ণ ৰূপত ওলাই আহিবনে? কাৰ ইঙ্গিতত এই কাণ্ড সংঘটিত হৈছে, সেয়া এতিয়াও জনাৰ অপেক্ষাত। লোকৰ মাজত এক গোপন গুজব জোৰদাৰ হৈছে যে এই ধৰণৰ ঘটনা কেবল এটা শৃংখলাৰ অংশ মাত্ৰ।

 

বিস্তারিত তথ্য ওলালেহে এই ঘটনা জনসাধাৰণৰ বাবে সম্পূৰ্ণৰূপে স্পষ্ট হ’ব।

 

Exit mobile version