*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*
*তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* :
বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ শৰ্মাই আজি ২৯-শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰায় ২০টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰ্যৱেক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে তেওঁ সংবেদনশীল আৰু অতিসংবেদনশীল ভোটকেন্দ্ৰসমূহো নিৰীক্ষণ কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ ভোটাৰসকলৰ সুবিধাৰ ক্ষেত্ৰত সুৰক্ষিত আৰু আৰামদায়ক স্থান, পৰ্যাপ্ত প্ৰস্ৰাৱাগাৰ, খোৱাপানী, বিজুলী আদি ব্যৱস্থাসমূহ সুক্ষ্মভাৱে পৰ্যালোচনা কৰে। লগতে, প্ৰৱেশদ্বাৰ, নিৰাপত্তা ব্যৱস্থা আৰু বিশেষকৈ মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ উপলব্ধ আছে নে নাই তাতো গুৰুত্ব আৰোপ কৰা হয়। ভোট প্ৰক্ৰিয়া সুস্থ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ বাবে সকলোধৰণৰ ব্যৱস্থাৰ পৰ্যৱেক্ষকগৰাকীয়ে খুঁটি-নাটি মাৰি পৰীক্ষা কৰে। স্থানীয় প্ৰশাসন, নিৰ্বাচনী কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মতবিনিময় কৰি তেওঁ পৰ্যাপ্ত সুবিধাৰে ভোটকেন্দ্ৰসমূহ সাজু কৰি তোলাৰ বাবে নির্দেশ দিয়ে। পৰ্যৱেক্ষকগৰাকীয়ে যোৱা ১৫ ছেপ্টেম্বৰতো দৰঙাজুলি আৰু নাগ্ৰীজুলি সমষ্টিৰ অধীনত থকা ২৫টাতকৈও অধিক ভোটগ্ৰহণকেন্দ্ৰ পৰিদৰ্শন কৰি সকলোধৰণৰ বুজ লৈছিল। উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত বিটিচিৰ নিৰ্বাচন তামুলপুৰ জিলাৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ মুঠ ৩৯৫টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব।