বিশ্বজুৰি  নিশাৰ পৰা মেটাৰ মালিকানাধীন প্লেটফৰ্মসমূহ—হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ব্যৱহাৰকাৰীসকলে সমস্যাত

Telegram

বিশ্বজুৰি  নিশাৰ পৰা মেটাৰ মালিকানাধীন প্লেটফৰ্মসমূহ—হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ব্যৱহাৰকাৰীসকলে সমস্যাত।

 

 

বিশ্বজুৰি ২০২৪ চনৰ ১১ ডিচেম্বৰ, বুধবাৰে নিশাৰ পৰা মেটাৰ মালিকানাধীন প্লেটফৰ্মসমূহ—হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ব্যৱহাৰকাৰীসকলে লগ ইন আৰু কন্টেন্ট আপলোড কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাৰ ফলস্বৰূপ, বহু ব্যৱহাৰকাৰীই প্লেটফৰ্মসমূহত লগ ইন কৰিব নোৱাৰিছিল বা নতুন কন্টেন্ট আপলোড কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। বিশেষকৈ, হোৱাটছএপত মেছেজ প্ৰেরণ আৰু প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা সৃষ্টি হৈছিল, ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ’ আপলোড কৰাটো কঠিন হৈ পৰিছিল, আৰু ফেচবুকত নতুন প’ষ্টৰ সমস্যা দেখা দিছিল।

 

এই সমস্যা বিশ্বজুৰি বিস্তৃত হোৱা দেখা গৈছে, আৰু বহু ব্যৱহাৰকাৰীই সামাজিক মাধ্যমত এই বিষয়ে আপডেট পঠিয়াইছে। মেটাৰ পৰা ইষ্টাৰ্ন টাইম জ’ন (ET)ৰ মন্নে এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে, য’ত কোম্পানীটোৱে গ্ৰাহকৰ সন্মুখীন হোৱা সমস্যাৰ বিষয়ে সমাধান কৰিবলৈ কাম কৰি আছে বুলি জানিবলৈ দিছে। বৰ্তমানলৈকে, মেটাৰ পক্ষৰ পৰা অধিক বিস্তৃত বিৱৰণৰ সৈতে আনুষ্ঠানিক প্ৰতিক্ৰিয়া নোপোৱা অৱস্থাত এই সমস্যাৰ বিষয়ে মাত্ৰ অনুমান কৰা হৈছে।

 

বিশ্বব্যাপী এই সমস্যাৰ সন্মুখীন হোৱা ব্যৱহাৰকাৰীসকলৰ মধ্যে কিছু মাত্ৰা সমাধান পোৱা বুলি প্ৰতিবেদন হৈছে, কিন্তু সম্পূৰ্ণ ৰূপে সাৰি উঠা অব্দি সকলো ব্যৱহাৰকাৰীৰ বাবে সমস্যা অৱশ্যে অব্যাহত আছিল।

 

  • Related Posts

    • Current
    • June 19, 2025
    • 6 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 6 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *