বন্য হস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত বিটিচিৰ দৰঙ্গাজুলি সমষ্টিৰ পাৰিষদ বিজিত গৗৰা নাৰ্জাৰী–খাদ্য সামগ্ৰী বিতৰণঃ

Telegram

বন্য হস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত বিটিচিৰ দৰঙ্গাজুলি সমষ্টিৰ পাৰিষদ বিজিত গৗৰা নাৰ্জাৰী–খাদ্য সামগ্ৰী বিতৰণঃ

 

তামুলপুৰ,৪ জুনঃ

 

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী

গাঁৱসমূহত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ৷ কিছুদিন পূৰ্বে বগাজুলী অঞ্চলত এজাক বন্য হস্তী সোমাই এজন লোকক টানি আজুৰি হত্যা কৰি পুখুৰীত দলিয়াই দিছিল ৷ এই ঘটনাৰ দুদিন পিছতে সোমবাৰে নিশা কুমাৰীকাটা বন বিভাগৰ অধীনৰ ঢেকীয়াবস্তি গাঁওত বন্য হস্তীৰ এটা জাকে নিশা প্ৰৱেশ কৰি গাঁও খনৰ দীপাংকৰ সুত্ৰধৰ, কৃষ্ণমায়া ছেত্ৰী, হেমা দেৱী, বাদল শীল, মিঠি ছেত্ৰী নামৰ লোক কেইজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও দুচকীয়া বাহন, সামগ্ৰী আৰু তামোল – নাৰিকলৰ বাগান আদিও ভাঙি- চিঙি তছনচ কৰে । জানিব পৰা মতে নিশা বৰষুণ দি থকা অৱস্থাতে বন্য হস্তীৰ বৃহৎ জাকে গাঁওখনত প্ৰৱেশ কৰি পৰিয়াল কেইটাৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও ভঁৰালৰ ধান চাউল আদিও খাই অনিষ্ট কৰে। বন্য হস্তীৰ এনে উপদ্ৰৱৰ ফলত ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলৰ কুমাৰীকাটা, চেঁচাপানী, বগাজুলী, ঢেকীয়াবস্তি, আঙাৰকাটাকে ধৰি বিভিন্ন গাঁওৰ ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিবেশ ।

আজি এই সকল পৰিয়ালৰ কাষত বিটিচিৰ দৰঙ্গাজুলি সমষ্টিৰ জনপ্ৰিয় পাৰিষদ বিজিত গৗৰা নাৰ্জাৰীয়ে উপস্থিত হৈ চাউল দালি ,মিঠা তেলকে ধৰি কিছুমান অত্যাৱশ্যকীয় খাদ্যসামগী বিতৰণ কৰে৷ পাৰিষদ গৰাকীৰ এই মহানুভৱতাক সচেতন মহলে একেমুখে প্ৰশংসা কৰিছে ৷##

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *