নাগ্ৰীজুলিৰ গুৱাবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন।

Telegram

নাগ্ৰীজুলিৰ গুৱাবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন।

১৯ জুলাই-

 

তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ গুৱাবাৰীত আজি এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। গুৱাহাটী লাইনছ ক্লাব আৰু শংকৰদেৱ নেত্ৰালয়ৰ উদ্যোগত আৰু তামুলপুৰ আশা দৰ্শন ট্ৰাষ্ট লগতে নাগ্ৰীজুলি আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই বিনামূলীয়া চকু চিকিৎসা শিবিৰ। বৃহত্তৰ গুৱাবাৰী অঞ্চলৰ শতাধিক বৃদ্ধ পুৰুষ-মহিলাই এই চকু চিকিৎসা শিবিৰত উপস্থিত হৈ চকুৰ যাৱতীয় পৰীক্ষা নিৰীক্ষা কৰায় আৰু নিদান পত্ৰ গ্ৰহণ কৰে। চকু পৰীক্ষাৰ অন্তত চিকিৎসকৰ পৰামৰ্শ মতে বিনামূলীয়াকৈ ঔষধ লোৱাৰ ওপৰিও একাংশ লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ গুৱাহাটীলৈ নি চকুৰ ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰৰ দিহা কৰে। এই চিকিৎসা শিবিৰত তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ভজন দাস (লক্ষী দাস ) সহ বিজেপি কৰ্মীৰএটি দল, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ সভাপতি মিথুন দাস, আশা দৰ্শন ট্ৰাষ্টৰ নির্মলা ৰাভা, বিপুল ডেকা, ৰূপালী বড়ো, মিনা ৰাভা বড়ো, বুলু ৰাজবংশী সহ কেইবাগৰাকী কৰ্মী, মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ সম্পাদক মাণিক সাহাই অংশগ্ৰহণ কৰি চকু পৰীক্ষা কৰিব অহা লোক সকলক বিভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়ায়। নাগ্ৰীজুলি আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যালয়ত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰত আজি

ডাঃ মহছিনা বেগম, ডাঃ হৰনুৰ ৰছিদ, ডাঃ ইশিতা পাল, ডাঃ নীহাৰ চুলতানা, ডাঃ ববী লীজা চৌধৰী সহ ৮ জনীয়া এটি স্বাস্থ্য কৰ্মীৰ দল শিবিৰটোত উপস্থিত থাকি সেৱা আগবঢ়ায়। অঞ্চলটোৰ দুখীয়া ৰোগী সকলে আৰু অঞ্চলটোৰ সচেতন মহলে উদ্যোক্তা সমিতিক আজি আয়োজন কৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *