নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।

Telegram

নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী।

এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।

 

বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ সমস্যা সমাধান কৰিম- হাগ্ৰামা মহিলাৰী।

 

ডাঃ উত্তম দাসক ই এম দিম- হাগ্ৰামা মহিলাৰী।

 

 

নাগ্ৰীজুলি, ১৮ ছেপ্টেম্বৰ-

বিটিচিৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান।দিন বাকী। বিজেপি-ইউপিপিএলৰ সমান্তৰাল ভাৱে বিপিএফয়েও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা দেখা গৈছে। আজি ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ডাঃ উত্তম দাসৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাগ্ৰীজুলিৰ ২ নং বগৰীখুটিৰ বাল্টি নৈৰ পাৰত এক বিশাল জনসভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত হয়। বিপিএফৰ জেষ্ঠ্য নেতা চিনাকান্ত বসুমতাৰীযে আঁত ধৰা সভাত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীযে কয়- এইবাৰ বিটিচিত বিপিএফ দলে চৰকাৰ গঠন কৰাটো এশ শতাংশই নিশ্চিত। অহা তিনি অক্টোবৰত আমি বিপিএফ দলে বিটিচিত চৰকাৰ গঠন কৰিম।হাগ্ৰামা মহিলাৰীযে গতানুগতিক ভাৱে হাস্যৰসিক ভাবে ৰাইজক কয়- পদুম ফুল আৰু ট্ৰেক্টৰৰ পৰা পইচা লব লাগে আৰু অহা ২২ তাৰিখৰ নিৰ্বাচনত আপোনালোকে বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাসক নাঙলৰ ছবিত ভোট দিব লাগে। বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস জয়ী হলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পৰা ডাঃ উত্তম দাসক কাৰ্যবাহী সদস্য পদ দিয়া হব। মহিলাৰীযে পুনৰ কয়-বিটিচিত বিপিএফ এ চৰকাৰ গঠন কৰিলে বিটিচিত বসবাস কৰা বাঙালী, গোর্খা, আদিবাসী, কোঁচ ৰাজবংশী, হিন্দু, মুছলিম আদিকে ধৰি বিটিচিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকৰ সমস্যা সমাধান কৰিম। এতিয়াও বিটিচিত বসবাস কৰা বহু লোকে মাটিৰ পাট্টা লাভ কৰা নাই। ইয়াকে লৈ বিটিচিৰ জনসাধাৰণৰ মনত শংকা আছে। ইয়াৰ উপৰিও বাঙালী সম্প্ৰদায়ৰ লোক সকলে দীৰ্ঘদিন ধৰি ‘ডি’ ভোটাৰৰ সমস্যাত ভুগি আছে। বিপিএফ।দলে বিটিচিত চৰকাৰ গঠন কৰিলে সকলো সমস্যা সমাধান কৰা হব আৰু।যি বিলাক সমস্যা সমাধানৰ বাবে আইনী প্ৰক্ৰিয়াৰ দৰকাৰ তাতো বিপিএফ চৰকাৰে সহায় কৰিব বুলিও হাগ্ৰামা মহিলাৰীযে জনসভাখনত প্ৰতিশ্ৰুতি দিয়ে। সভাত মহিলাৰীয়ে কয়- বিপিএফৰ চৰকাৰ হলে নিবনুৱা সকলৰ বাবে আত্মসংস্থাপনৰ ব্যৱস্থা কৰা হব। তেওঁ পুনৰ ৰসিকতাৰে কয়- আমি কোনো দলক গালি দিয়া নাই, কিন্তু আমাক গালি দিলে আমিও বহি নাথাকো। নাগ্ৰীজুলিত এইবাৰ আন কোনো দলৰ কাম নাই, কিন্তু নাগ্ৰীজুলিত এইবাৰ বিজেপি আৰু বিপিএফৰ মাজত প্ৰতিদ্বন্দ্বিতা হব। গতিকে ৰাইজে ভুল নকৰাকৈ এইবাৰ নাঙলৰ ছবিত ভোট দি ডাঃ উত্তম দাসৰ জয় নিশ্চিত কৰক। হাগ্ৰামা মহিলাৰীৰ পূৰ্বে সভাত ৰাইজক উদ্দেশ্যি যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োয়ে ইউপিপিএল নেতৃত্বধীন প্ৰমোদ বড়ো চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ৰিঞ্জয় বড়োৱে ভাষণ ৰাখি কয়- প্ৰমোদ বড়ো চৰকাৰখনে আত্মসহায়ক গোটক ধন দিম বুলি, গছপুলি ৰোৱাৰ বিনিময়ত পইচা দিম বুলি ঠগিছে আৰু সেই কথা আজি ৰাইজে বুজি পাইছে। সেয়ে ৰাইজে এইবাৰ পুনৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সমৰ্থনত দলে দলে ওলাই আহিছে।। বিপিএফৰ শাসন কালত সমগ্ৰ বিটিচি অঞ্চলত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰি তেওঁ কয় যে বিপিএফ দলে চৰকাৰ গঠন কৰিলে বিটিচি অঞ্চলৰ নিবনুৱা সমস্যা সমাধান, আই বি এছ আঁচনিৰ অধীনত ই ৰিক্সা প্ৰদান, উইংগাৰ গাড়ীৰ আচঁনি, মহিলা আত্মসহায়ক গোটক আৰ্থিক অনুদান ডিয়াকে আদি কৰি কেইবাটাও আঁচনি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হব বুলিও ৰিঞ্জয় বড়োৱে উদাত্ত কণ্ঠে ভাষণ দিয়ে। আজিৰ সভাত কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো, ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ডাঃ উত্তম দাস, নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি ৰাজেশ্বৰ দাস, সম্পাদক পূৰ্ণ ছেত্ৰী, বিপিএফ নেতা মিৰজান আলি, বিপিএফ নেতা মুজিব আলি আহমেদ, বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চক্ৰ বাহাদুৰ চৌহান, বিপিএফ নেতা উপেন থাপা, বিপিএফ নেতা লবৰাম হাসদা, নাগ্ৰীজুলি ব্লক বিপিএফৰ নেতা অপূৰ্ব মজুমদাৰ, বিপিএফৰ মহিলা মৰ্চাৰ বিষয়-ববীয়াকে ধৰি অসংখ্য নেতা কৰ্মী উপস্থিত থাকে।

  • Related Posts

    তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা

    Telegram

    TelegramTweetতামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা   *তামুলপুৰ, ১৮ ছেপ্টেম্বৰ, ২০২৫* :     তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে গণপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি…

    মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

    Telegram

    TelegramTweetমুছলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ   বাক্সাঃ বাক্সাৰ সুৱনখাটাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।   তেওঁ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *