নাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

Telegram

নাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

তামুলপুৰ ১৫ ছেপ্টেম্বৰ।

 

ভাৰতীয় জনতা পাৰ্টী আৰু হিমন্ত বিশ্ব শৰ্মা য’ত আছে তাত বাঙালী, গোৰ্খা সকলৰ ডি ভোটাৰ হ’ব নোৱাৰে। এই মন্তব্য অসম চৰকাৰ মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ভজন (লক্ষী) দাসৰ অহিয়াবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে পুণৰ কয়— আমি এইবাৰ কোকৰাঝাৰত ট্ৰিপোল ইঞ্জিনৰ চৰকাৰ গঠন কৰিম। আমি বিগত সময়ত বিজেপি চৰকাৰে বিটিআৰত শান্তি আহিছোঁ। বিটিআৰত সকলো জাতি জনগোষ্ঠীয়ে প্ৰথম শ্ৰেণীৰ নাগৰিক হব লাগিব। ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নোৱাৰে। সকলোকে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হব লাগিব। বিটিআৰত আজিলৈ কোনো অন্য দলে ভূমিৰ পাত্তা দিব নোৱাৰিলে। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰত চৰকাৰ গঠন কৰি সকলো জাতি জনগোষ্ঠীৰ লোকে ভূমিৰ পাত্তা প্ৰদান কৰিম বুলিও মন্তব্য কৰে। ভাষণ তেওঁ পুনৰ কয়—২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ভজন (লক্ষী) দাসক সমষ্টিটোৰ পৰা বিপুল ভোটত জয় কৰায় কোকৰাঝাৰত বিজেপি চৰকাৰ গঠনত সহায় কৰিবলৈ ৰাইজক আহ্বান জানাই। সভাত প্ৰাৰ্থী ভজন (লক্ষী) দাসে ও ২২ ছেপ্টেম্বৰত বিজেপি দলৰ পদুম ফুলৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনাই। আজিৰ এই সভাখনত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিজেপি নেতা মৃদুল প্ৰতিম ডেকা, পৰিমল শিলৰ লগতে কেইবাগৰাকীও বিজেপি দলৰ নেতা কৰ্মী উপস্থিত থাকে। আনহাতে গুৱাবাৰীটো আজি আবেলি নাগ্ৰিজুলিৰ প্ৰাৰ্থী ভজন (লক্ষী) দাসৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

  • Related Posts

    গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ

    Telegram

    TelegramTweetগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ   বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

    হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ৩ অক্টোবৰেই বিটিচি পৰিষদ গঠন

    Telegram

    TelegramTweetহাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ৩ অক্টোবৰেই বিটিচি পৰিষদ গঠন   চিৰাং, ১৫ ছেপ্টেম্বৰঃ অহা ৩ অক্টোবৰ বিটিচি পৰিষদ গঠন কৰি শপত লোৱাৰ দিনক্ষণ ঘোষণা কৰিলে বিপিএফ নেতা তথা পূৰ্বতন মুখ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *