দুলীয়াজানত আলফা ‘চি’ কোম্পানী উৎখাত, আৰক্ষীৰ সফল অভিযান

  • Current
  • January 4, 2025
  • 0 Comments
Telegram

দুলীয়াজানত আলফা ‘চি’ কোম্পানী উৎখাত, আৰক্ষীৰ সফল অভিযান

 

দুলীয়াজানত আৰক্ষীয়ে চলোৱা সফল অভিযানত স্বয়ম্ভূ আলফা ‘চি’ কোম্পানী উৎখাত হোৱাৰ খবৰ পোৱা গৈছে। এই অভিযানত আৰক্ষীয়ে উল্লেখযোগ্য পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ধন জব্দ কৰিছে। আৰক্ষীয়ে .32mm পিষ্টল, সক্ৰিয় গুলী, IED (ইম্প্ৰুভাইজড এক্সপ্ল’ছিভ ডিভাইচ), ১১ টা ম’বাইল ফোন, নগদ ৪৯,৫০০ টকা আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

 

এই কেসৰ সৈতে জড়িত বিতোপন গগৈ ওৰফে জয়ন্তক প্ৰথমে আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়ে যে বিতোপনৰ স্বীকাৰোক্তিৰ ভিত্তিত বলিন গগৈ ওৰফে ধন আৰু ভৰত হাজাৰিক আটক কৰা হৈছে। আৰক্ষীৰ মতে, এই লোকসকল আলফা চি কোম্পানী নামৰ স্বয়ম্ভূ সংগঠনটো খুলি সন্ত্রাসমূলক কাৰ্যকলাপ চলাইছিল।

 

বিশেষভাৱে উল্লেখযোগ্য যে আলফা স্বাধীনৰ সৈতে এই আলফা চি কোম্পানীৰ কোনো সম্পৰ্ক নাই। তথাপি, স্বয়ম্ভূ গোষ্ঠীটোৱে ধনৰ দাবী কৰিছিল। এই ক্ষেত্ৰত আৰক্ষীয়ে আগতেও সাৱধান কৰি দিছিল যে আলফাৰ নামত যিকোনো ধনৰ দাবী নকৰিবলৈ।

 

এই অভিযানৰ ফলত আৰক্ষীয়ে অঞ্চলটোত সন্ত্রাসবিৰোধী তৎপৰতা আৰু নিৰাপত্তা ব্যবস্থা অধিক জোৰদাৰ কৰিব বুলি জনাইছে।

 

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 7 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *