
তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জব মেলা আৰু লোণ মেলা।
তামুলপুৰ জিলাত নিয়োগৰ সুযোগ সৃষ্টি কৰা, সৰ্বাঙ্গীন উন্নয়ন তথা আৰ্থিক সৱলীকৰণৰ বাবে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জব মেলা আৰু লোণ মেলা অনুষ্ঠিত কৰে।
উল্লেখ্য যে বৰ্তমানলৈকে ৩২ কোটি লোণ চেঞ্চন হোৱাৰ বিপৰীতে ১৮টা বিভিন্ন ইণ্ডাষ্ট্ৰিত বিভিন্নজনে নিজৰ নিজৰ পচন্দ অনুযায়ী জব এপ্লাই কৰিছে।