BTR NEWS

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জব মেলা আৰু লোণ মেলা।

Telegram

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জব মেলা আৰু লোণ মেলা।

 

তামুলপুৰ জিলাত নিয়োগৰ সুযোগ সৃষ্টি কৰা, সৰ্বাঙ্গীন উন্নয়ন তথা আৰ্থিক সৱলীকৰণৰ বাবে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জব মেলা আৰু লোণ মেলা অনুষ্ঠিত কৰে।

 

আজি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱতীৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা তথা কেইবাগৰাকীও উদ্যোগপতি উপস্থিত থকাৰ লগতে জব আৰু লোণৰ বাবে অহা প্ৰায় দুই সহশ্ৰাধিক যুৱক যুৱতী উপস্থিত থাকে।

 

উল্লেখ্য যে বৰ্তমানলৈকে ৩২ কোটি লোণ চেঞ্চন হোৱাৰ বিপৰীতে ১৮টা বিভিন্ন ইণ্ডাষ্ট্ৰিত বিভিন্নজনে নিজৰ নিজৰ পচন্দ অনুযায়ী জব এপ্লাই কৰিছে।

Exit mobile version