তামুলপুৰৰ শুকানজুলিত বিস্ফোৰক উদ্ধাৰ*

Telegram

*তামুলপুৰৰ শুকানজুলিত বিস্ফোৰক উদ্ধাৰ*

 

*তামুলপুৰ, ১৮ জুন, ২০২৫* :

 

তামুলপুৰ জিলাৰ শুকানজুলি গাঁৱত আজি সম্ভাৱ্য এক ভয়াৱহ দুৰ্ঘটনা স্থানীয় ৰাইজৰ সজাগতা আৰু সেনাবাহিনীৰ তৎপৰতাৰ ফলত ৰোধ হয়। দৰঙাৰ অন্তৰ্গত গাঁওখনত সন্দেহজনক বস্তু দেখা পোৱাৰ পিছত স্থানীয় বাসিন্দাসকলে সেনাবাহিনীক খবৰ দিয়াৰ পাছত সেনাবাহিনীয়ে সন্দেহজনক বিস্ফোৰণখিনি উদ্ধাৰ কৰে। গাঁৱৰ বাসিন্দা ছাবাষ্টিন কিস্কুৰ সক্ৰিয় ভূমিকাৰে সেনাবাহিনীৰ দৰঙাত অৱস্থিত ইউনিট আৰু স্থানীয় আৰক্ষীয়ে ঠাইখিনি ঘেৰি ধৰে। প্ৰযুক্তিগত পৰীক্ষাত দুটি বিস্ফোৰণ নোহোৱা সামগ্ৰী (ইউ এক্স অ’) পোৱা যায়, যাক সেনাবাহিনীয়ে জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত নিৰাপদভাৱে নিষ্ক্ৰিয় কৰে। এই ঘটনাই ভাৰতীয় সেনাবাহিনীৰ স্থানীয় ইউনিটসমূহৰ উদ্যোগত চলোৱা ইউ এক্স অ’ সজাগতা কাৰ্যসূচীৰ সফলতাকে প্ৰমাণ কৰিছে। শুকানজুলি, শশীপুৰ, হৰটোলা, পাহাৰপুৰ আৰু পাতকিজুলিত ইতিমধ্যে চলোৱা এই প্ৰচেষ্টাসমূহৰ মূল লক্ষ্য আছিল— বিস্ফোৰণ নোহোৱা অস্ত্ৰৰ বিপদ সম্পৰ্কে সাধাৰণ ৰাইজক সজাগ কৰা আৰু সুৰক্ষিত ব্যৱহাৰৰ বাবে উৎসাহিত কৰা। এই ক্ষেত্ৰত প্ৰচাৰ কৰা মূল বাৰ্তা আছিল–– “চাওক, স্পৰ্শ নকৰিব, খবৰ দিয়ক।” জিলা প্ৰশাসনে গাঁওবাসীৰ দায়িত্বশীলতা আৰু ভাৰতীয় সেনাবাহিনীৰ জনসুৰক্ষাৰ ক্ষেত্ৰত কৰা তৎপৰতাৰ প্ৰশংসা কৰিছে।

  • Related Posts

    মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

    Telegram

    TelegramTweet🚨 মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨   আজি পুৱা মুকালমুৱা অঞ্চলৰ অন্তৰ্গত লাৰকুছি পাৰ হৈ গৈ থকা এখন নাও ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। নাওখনত বহু লোক আরোহী আছিল বুলি জানিব…

    তামুলপুৰত নামঘৰত দুৰ্বৃত্তৰ তাণ্ডৱ – ৰূপৰ অলংকাৰ উদ্ধাৱ 🕯️

    Telegram

    TelegramTweet🔴 তামুলপুৰত নামঘৰত দুৰ্বৃত্তৰ তাণ্ডৱ – ৰূপৰ অলংকাৰ উদ্ধাৱ 🕯️   তামুলপুৰ জিলাৰ দক্ষিণ তেতেলিগুৰি অঞ্চলত থকা এটা পবিত্ৰ নামঘৰত নিশা দুৰ্বৃত্তই সংঘটিত কৰিলে লাজলজীয়া ঘটনা।   🔸 নিশা নামঘৰত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *