তামুলপুৰৰ মহেন্দ্ৰনগৰত নিচা মুক্ত ভাৰত অভি্যানৰ পদযাত্ৰা আৰু সজাগতাসভা।

Telegram

তামুলপুৰৰ মহেন্দ্ৰনগৰত নিচা মুক্ত ভাৰত অভি্যানৰ পদযাত্ৰা আৰু সজাগতাসভা।

 

তামুলপুৰঃ২৬ জুনঃ

 

তামুলপুৰ জিলা সমাজকল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু মহেন্দ্ৰ নগৰ বজাৰ উন্নয়ন সমিতি, এছ এছ বিৰ ৰ সহযোগত আজি তামুলপুৰ জিলাৰ গুৱাবাৰীত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত নিচা মুক্ত ভৰত অভি্যানৰ এটি সজাগতামূলক পদযাত্ৰা উলিওৱাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত হয়। পুৱা গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা অঞ্চলটোত ব্যাপক হাৰত প্ৰচলন হৈ থকা তীৰ, ড্ৰাগছ, মাদকদ্ৰব্য আদিৰ বিৰুদ্ধে এই পদযাত্ৰাৰ শুভ উদ্বোধন কৰা হয় । পদযাত্ৰাৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে ৷ পদযাত্ৰাৰ পাছতে গুৱাবাৰী ৰাজহুৱা সভাগৃহত মহেন্দ্ৰ নগৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি মাধৱ চেত্ৰীৰ পৰিচালনা এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ মহেন্দ্ৰ নগৰ বজাৰ উন্নয়ন সমিতিৰ সম্পাদক মানিক সাহাই উদ্দেশ্য বাখ্যা কৰা সজাগতা সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, সমাজকল্যান বিষয়া ঈৰানী ঠাকুৰীয়া, সহকাৰী আয়ুক্ত ক্ৰমে কবিতা ফাংচু ,জোৎস্না বসুমতাৰী, শিক্ষা বিষয়া অঞ্জয়খুংগুৰ ব্ৰহ্ম, যুৱ সমাজ কর্মী পৰিমল শীল, কৃষ্ণ পুদ্দাৰ, মিথুন দাস সহ কেবাগৰাকী বিষয়া অতিথি হিচাপে উপস্থিত থাকে। সজাগতা সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে কয় যে – নিচা বা ড্ৰাগছ সেৱন এজন ব্যাক্তিৰ সমস্যা নহয়, ই এক সামাজিক সমস্যা হৈ পৰিছে ৷পাপীক ঘিন নকৰিব পাপকহে ঘিন কৰক বুলি কৈ ড্ৰাগছ সেৱন কাৰী সকলক শুদ্ধ পথত আনিবলৈ প্ৰয়াস কৰিবলৈ সমাজ খনকো আহ্বান জনায়। বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে কয় যে ভাৰত ভূটান সীমান্তৰ এই অঞ্চল সমূহত মদ,জুৱা, তীৰৰ প্ৰচলন এক ডাঙৰ ব্যাধি হৈ পৰিছে। আমি সকলোৱে মিলি ক্ষুদ্ৰ ক্ষুদ্ৰ কৰি অন্তত নিজৰ পৰিয়ালৰ পৰাই অভিভাৱক সকলে ইয়াৰ প্ৰতিৰোধ মূলক কাম আৰম্ভ কৰিব লাগে। আজি বহুদিনৰ পৰাই অঞ্চলটো ড্ৰাগছৰ কৱলত পৰিছে । অঞ্চলটোত ড্ৰাগছৰ সমান্তৰালভাৱে প্লাষ্টিক প্ৰদূষণ বৃদ্ধি পোৱা বুলি আক্ষেপেৰে কৈ প্লাষ্টিকৰ সমস্যা দূৰ কৰিবলৈ কৈ সকলোকে হাতে কামে প্ৰতিৰোধ কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে, আজি সমগ্ৰ দেশতে মাদক আৰু ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়।আমি একো একোজন নাগৰিকে দায়িত্ব লব লাগিব ইয়াক ৰোধ কৰিবলৈ। আমি সকলোকে এই সমূহ দিশৰ পৰা আঁতৰি অহাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰয়োজনত আমি ঘৰে ঘৰে গৈ এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিম। সমস্যা সদায় সমস্যা হৈ নাথাকে। আমি একত্ৰিত হলে আমাৰ সমাজ খনৰ সমস্যাও সমাধান হ’ব বুলি কয়। লগতে জিলা প্ৰশাসন সদায় ৰাজইৰ সতে থাকি কাম কৰি যাব বুলি উল্লেখ কৰে।ইপিনে, জিলা আয়ুক্ত গৰাকীয়ে যিবিলাক লোকে মাদকদ্ৰব্য ,তীৰ৷ জুৱা, ড্ৰাগছৰ ব্যৱসায় সতে জৰিত বুলি উপযুক্ত প্ৰমান লাভ কৰে আৰু বাৰম্বাৰ এই সমূহ দিশৰ পৰা আঁতৰি অহাৰ অনুৰোধ জনোৱাৰ পিছতো যদি উপলব্ধি নকৰাৰ তেন্তে প্ৰয়োজনত প্ৰশাসনে আইনবিৰোধী সকলৰ চৰকাৰী আঁচনি সমূহ সম্পূৰ্ণ বন্ধ কৰি দিব বুলিও সকিয়াই দিয়ে ৷ সভাৰ আৰম্ভণিতে সমাজকৰ্মী হৰেন বিশ্বাস, মিথুন দাসে গুৱাবাৰী অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য ৰাখি জিলা আয়ুক্তক সমাধানৰ বাবে আহ্বান জনায়।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *