তামুলপুৰৰ বগাজুলীৰ শালবাৰী গাঁওত বন্য হস্তীৰ গছকত প্ৰাণ গল এগৰাকী লোকৰ।

Telegram

তামুলপুৰৰ বগাজুলীৰ শালবাৰী গাঁওত বন্য হস্তীৰ গছকত প্ৰাণ গল এগৰাকী লোকৰ।

 

নিহত লোক গৰাকীৰ নাম সনেশ্বৰ ব্ৰহ্ম( ৭৫)।

 

জাকৰ পৰা ফালৰি কাটি অকলশৰীয়া দাতাল হাতীটো লোক গৰাকীৰ ঘৰৰ বেৰ ভাঙি ধান খাই থকা সময়ত টৰ্চ জ্বলাই হাতীটো খেদিব খোজোঁতে ঘৰৰ ভিতৰৰ পৰা সনেশ্বৰ ব্ৰহ্ম নামৰ লোক জনক টানি আনি চোতালত গছকি নিহত কৰে। খঙাল দাতাল হাতীটো লোক জনক গছকি মাৰি কেৱল ক্ষান্ত নাথাকি লোকজনৰ মৃতদেহ বাৰীৰ পুখুৰীত দলিয়াই পেলাই থৈ যায়।

 

নিশা প্ৰায় ১ মান বজাত সংঘটিত হয় ঘটনাটো। কিনকিনিয়া বৰষুণৰ মাজতে গাঁওখনত প্ৰৱেশ কৰিছিল হাতীৰ জাক এটা। ইপিনে, অতি স্পৰ্শকাতৰ অঞ্চলটোৰ লোকৰ দাবী চৰকাৰে অতি শীঘ্ৰেই বন বিভাগক প্ৰদান কৰক উপযুক্ত বাহন। বাহনৰ অভাৱত নিশা হাতী খেদিবলৈ আহিব নোৱাৰে বন বিভাগৰ লোক বুলি ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ।

 

ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    শিলচৰত নিচা-চোৰাংচোৱাৰ বিরোধী অভিযান | ৩.০৯৫ কেজি মৰ্ফিন জব্দ

    Telegram

    TelegramTweet🔴 শিলচৰত নিচা-চোৰাংচোৱাৰ বিরোধী অভিযান | ৩.০৯৫ কেজি মৰ্ফিন জব্দ   এক বিশ্বাসযোগ্য গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে বিশেষ অভিযান চলাইছে শিলচৰ বাইপাছত। অভিযানৰ সময়ত শিলচৰ থানাৰ অন্তৰ্গত স্থানত মণিপুৰৰ…

    • Current
    • June 21, 2025
    • 2 views
    • 2 minutes Read
    11th International Yoga Day Celebrated in Tamulpur*

    Telegram

    TelegramTweet*11th International Yoga Day Celebrated in Tamulpur* *Tamulpur, 21 June 2025* : The 11th International Yoga Day was celebrated today at the Mahaprabhu Sri Sri Gopal and Jagannath Than Satra…

    Leave a Reply

    Your email address will not be published. Required fields are marked *