তামুলপুৰৰ কাহিবাৰীত গাঁওবাসীৰ সিদ্ধান্ত তিনিদিনৰ বাবে ড্ৰাইডে ঘোষণা গাঁওবাসীৰ।
গাঁওখনত কোনো লোকে তিনিদিনৰ বাবে গ্ৰহণ কৰিব নোৱাৰিব মাদক দ্ৰব্য। জনগোষ্ঠীয় লোক হৈয়ো এই সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। কাৰণ গাঁওখনত নামঘৰ নিৰ্মাণ সাহায্যৰ্থে আমন্ত্ৰণ জনাইছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ বীণাপানীক। থিয়েটাৰ দিন কেইটাত কোনেও মাদক দ্ৰব্য সেৱন কৰি যাতে পৰিবেশন বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। গাঁওবাসীৰ সহয়োগত আমন্ত্ৰণ কৰা বীণাপানী থিয়েটাৰ চাবলৈ অহা প্ৰত্যেক গৰাকীক দৰ্শকক খুৱাইছে চাহ নাস্তা, খুৱাইছে বুট। থিয়েটাৰ পৰিচালনা সমিতিয়ে দৰ্শকৰ সুবিধা বাবে বিনামূলীয়াকৈ ৰাখিছে যানবাহনৰ সু-ব্যৱস্থাও।