তামুলপুৰত Artisan hub centre মুকলিঃ

Telegram

তামুলপুৰত Artisan hub centre মুকলিঃ

 

তামুলপুৰ,২জুনঃ

 

শিশুৰ সৃজনশীল প্ৰতিভাৰ উত্তৰণ,শিশুৰ উপযুক্ত বিকাশ,ব্যক্তিত্ব বিকাশ আদিৰ বাবে তামুলপুৰত Artisan hub centre নামৰ এটি অনুষ্ঠান দেওবাৰে মুকলি কৰা হয় ৷ তামুলপুৰ জিলা সদৰৰ মাজমজিয়াৰ তামুলপুৰ বজাৰৰ নিকটৱৰ্তী বাৰেইগাঁৱত দেওবাৰে বিয়লি অনুষ্ঠানটো বন্তি প্ৰজ্বালন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী হৰকান্ত মেধিয়ে ৷ উদীয়মান শিল্পী নিকুঞ্জ কলিতাৰ এটি প্ৰাৰ্থনাৰে উদ্বোধনী অনুষ্ঠানটো আৰম্ভ কৰা অনুষ্ঠানত প্ৰিয়ংকা শৰণীয়াৰ নৃত্য,সুমিত্ৰা ৰাভাৰ স্বৰচিত কবিতা আবৃতি আৰু জিজ্ঞাশ্ৰী দাস আৰু দীপাংকৰ বসুমতাৰীৰ আধুনিক গীতে অনুষ্ঠানটো অধিক জীপাল কৰি তুলিছিল ৷ উদ্বোধনী অনুষ্ঠানত বহু সংখ্যক অভিভাৱক শুভাকাংক্ষীৰ লগতে নীলকান্ত পাটগিৰি,অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকৃতিশ পাটগিৰি , তামুলপুৰ মহাবিদ্যালয় সহকাৰী অধ্যাপিকা বন্দনা দাস, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গোবিন্দ দাস, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সহকাৰী শিক্ষয়িত্ৰী দুলুমণি দাস, আদৰ্শ গুৰুকুল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষয়িত্ৰী সুজাতা ৰামচিয়াৰী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল৷ উল্লেখ্য যে নিবেদিতা পাটগিৰিয়ে মুখ্য সমন্বয়ক হিচাপে দায়িত্ব লোৱা অনুষ্ঠানটোত নৃত্য কলা ( আধুনিক/ক্লাচিকেল ),ভোকেল ( আধুনিক/ক্লাচিকেল) ফাইন আৰ্টচ আৰু সৃজনীমূলক শিক্ষা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *