তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

Telegram

*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

 

*তামুলপুৰ, ২০ জুন, ২০২৫* :

 

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী আজি তামুলপুৰ জিলাৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহতো জিলা প্ৰশাসনৰ উদ্যোগত প্ৰদৰ্শন কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটি তামুলপুৰৰ ৰাইজেও উপভোগ কৰে। লাইভ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগে আগে বিটিচিৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়ো, সহকাৰী আয়ুক্ত কবিতা ফাংছ’, মহকুমা সাংস্কৃতিক বিষয়া সিদ্ধাৰ্থ কুমাৰ দাস, জনসংযোগ বিষয়া বিজয় বেজবৰুৱা আদিয়ে কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য যে জিলা প্ৰশাসনৰ উদ্যোগত ৰামেচুবুৰি হাইস্কুলত আয়োজিত ৰাভা সংগীত প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থী তিনিগৰাকীক আজিৰ অনুষ্ঠানতে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। প্ৰথম পুৰস্কাৰ কনফিডেণ্ট একাডেমীৰ ছাত্ৰী প্ৰাচী ৰাভা, দ্বিতীয় পুৰস্কাৰ বিষ্ণু-জ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰজ্ঞা জে বি কাকতি আৰু তৃতীয় পুৰস্কাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ধৃতিষ্মান ডেকাই লাভ কৰে। আজিৰ লাইভ কাৰ্যসূচীত অঞ্চলটোৰ বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী, বিষয়া-কৰ্মচাৰী আদি উপস্থিত থাকে।

  • Related Posts

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

    Telegram

    TelegramTweetতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা তামুলপুৰ, ১৬ ছেপ্টেম্বৰঃ   আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *