তামুলপুৰত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ চেক বিতৰণ বিধায়ক জলেন দৈমাৰীৰ 

Telegram

তামুলপুৰত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ চেক বিতৰণ বিধায়ক জলেন দৈমাৰীৰ 

 

 

তামুলপুৰ,১৬ ডিচেম্বৰ-

তামুলপুৰ জিলাৰ দোংপাৰস্থিত লক্ষ্মী আৰু মাইনাও মন্দিৰ প্ৰাংগনত আজি আবেলি অনুস্থিত এক সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে

শতাধিক ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ মাজত মুখ্য মন্ত্ৰীৰ সাহাৰ্য পূজীৰ পৰা আবন্তিত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে ৷ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰ্থিক ভাৱে পিছ পৰা পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰী তথা ৰোগী সকলৰ মাজত চেক বিতৰণ কৰি বিধায়ক জলেন দৈমাৰীয়ে কয়, মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ পৰা পোৱা আৰ্থিক অনুদানে ছাত্ৰ ছাত্ৰী সকলক অধ্যয়ন কৰাত বিশেষ ভাৱে সহায় কৰাৰ লগতে ৰোগী সকলক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব ৷ পৰবৰ্তী সময়ত তামুলপুৰ সমষ্টিৰ আৰু অধিক ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ মাজত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ চেক বিতৰণ কৰা হব বুলি উল্লেখ কৰি বিধায়ক দৈমাৰীয়ে কয়, বৰ্তমান অসমৰ জনপ্ৰিয় তথা জনদৰদি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়ণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷ বিশেষকৈ আৰ্থিক ভাৱে পিছ পৰা লোক সকলৰ কাৰণে গ্ৰহণ কৰা আচনি সমুহে যথেষ্ট উপকৃত কৰিছে ৷ তামুলপুৰ জিলা ইউ পি পি এলৰ সাংগঠনিক সাধাৰন সম্পাদক গণেশ নাথে আঁতধৰা আজিৰ চেক বিতৰণ অনুস্থানত ইউপিপিএল দলৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সাধাৰন সম্পাদক নজৰুল ইছলাম, উপ সভাপতি দীপাংকৰ ৰাভা,

কেন্দ্ৰীয় যুৱ ইউপিপিএলৰ সম্পাদক ৰোমীত স্বৰ্গীয়াৰী, তামুলপুৰ জিলা ইউ পি পিএলৰ প্ৰশাসনিক সম্পাদক বানেশ্বৰ বড়ো , কেবাগৰাকীও নেতা কৰ্মী ছাত্ৰ ছাত্ৰী সহ দুই শতাধিক লোক উপস্থিত থাকে ৷

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *