
তামুলপুৰত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ
তামুলপুৰ জিলাত আজি মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ উদ্যোগত আৰু অসম প্ৰেমী নাগৰিক সমাজৰ সহযোগত আয়োজিত হয়। ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, জলাশয়, চৰণীয়া পথাৰ আৰু ধৰ্মীয়-ঐতিহাসিক স্থানসমূহ বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় নেতৃত্বত গৃহীত পদক্ষেপৰ বাবে তেওঁক এই ধন্যবাদ জ্ঞাপন কৰা হয়।
এই উপলক্ষে তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ৰ পৰা এক বিশাল পদযাত্ৰা উলিওৱা হয়। পদযাত্ৰাত প্ৰায় দুই সহস্ৰাধিক লোক অংশগ্ৰহণ কৰে। “অসম চৰকাৰ জিন্দাবাদ”, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ”, “আমাৰ মাতি, আমাৰ প্ৰাণ” আদি শ্লোগানেৰে অঞ্চলখন মুখৰিত হৈ পৰে।
এই ধন্যবাদ জ্ঞাপন কাৰ্যসূচীয়ে ৰাজ্য চৰকাৰৰ ভূমি সংস্কাৰ আৰু জনসাধাৰণৰ অধিকাৰৰ প্ৰতি সদাশয় মনোভাৱৰ এক উজ্জ্বল দৃষ্টান্ত স্বৰূপ বুলি আয়োজকৰ মন্তব্য।
#Tamulpur #HimantaBiswaSarma #BJPAssam #ThanksProgram #LandReformAssam