
*তামুলপুৰত বান প্ৰস্তুতি সম্পৰ্কীয় সভা*
*তামুলপুৰ, ৪ মাৰ্চ, ২০২৫* :
তেখেতে লগতে উল্লেখ কৰে যে সমাগত সময়ছোৱা যিহেতু নিৰ্বাচনৰো বতৰ, গতিকে এইবাৰ বিভিন্ন কাৰণত বানৰ সময়ছোৱা কিছু যটিল হ’ব পাৰে। সাহায্য শিবিৰ বাছনিৰ ক্ষেত্ৰত তেওঁ শিক্ষানুষ্ঠানসমূহক পাৰ্যমানে ৰেহাই দিয়াৰ পোষকতা কৰে। লগতে তেওঁ এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে যে প্ৰশাসনৰ অনুমতি অবিহনে কোনেও বানৰ পাছত বন্যাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰি নোৱাৰিব। এনে সিদ্ধান্তই সম্ভাব্য খাদ্যৰ বিষক্ৰিয়াৰ পৰা ৰাইজক ৰক্ষা কৰিব। জিলাখনৰ মাজেৰে বৈ যোৱা বৰলীয়া, পাগলাদিয়া, পুঠিমাৰী, কালানদী, মটঙা আদিকে ধৰি প্ৰায় দহটা নদীয়ে মাজে-সময়ে জিলাখনত বানৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে বিগত বছৰটোত তামুলপুৰ বিধানসভা সমষ্টিৰ ৪২ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৭৪খন গাঁৱকে ধৰি জিলাখনৰ মুঠ ১১৬খন গাঁও বানত আক্ৰান্ত হৈছিল। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি অতিৰিক্ত আয়ুক্ত, বিভিন্ন বিভাগৰ মুৰব্বী, আৰক্ষী, পেৰা-মিলিটেৰী ফ’ৰ্চ, এছ ডি আৰ এফ আদিয়ে অংশগ্ৰহণ কৰে।