BTR NEWS

তামুলপুৰত বান প্ৰস্তুতি সম্পৰ্কীয় সভা*

Telegram

*তামুলপুৰত বান প্ৰস্তুতি সম্পৰ্কীয় সভা*

 

*তামুলপুৰ, ৪ মাৰ্চ, ২০২৫* :

 

তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বান প্ৰস্তুতি সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। অহা বাৰিষাৰ সময়ছোৱাত তামুলপুৰ জিলাত কোনো ধন-জনৰ ক্ষতি হোৱাৰ উপৰি সৰ্বসাধাৰণৰ যাতে কোনোধৰণৰ অসুবিধা নহয়, তাৰ প্ৰতি সজাগ হৈ থাকিবলৈ সংশ্লিষ্ট বিভাগসমূহক জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।

 

 

তেখেতে লগতে উল্লেখ কৰে যে সমাগত সময়ছোৱা যিহেতু নিৰ্বাচনৰো বতৰ, গতিকে এইবাৰ বিভিন্ন কাৰণত বানৰ সময়ছোৱা কিছু যটিল হ’ব পাৰে। সাহায্য শিবিৰ বাছনিৰ ক্ষেত্ৰত তেওঁ শিক্ষানুষ্ঠানসমূহক পাৰ্যমানে ৰেহাই দিয়াৰ পোষকতা কৰে। লগতে তেওঁ এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে যে প্ৰশাসনৰ অনুমতি অবিহনে কোনেও বানৰ পাছত বন্যাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰি নোৱাৰিব। এনে সিদ্ধান্ত‌ই সম্ভাব্য খাদ্যৰ বিষক্ৰিয়াৰ পৰা ৰাইজক ৰক্ষা কৰিব। জিলাখনৰ মাজেৰে বৈ যোৱা বৰলীয়া, পাগলাদিয়া, পুঠিমাৰী, কালানদী, মটঙা আদিকে ধৰি প্ৰায় দহটা নদীয়ে মাজে-সময়ে জিলাখনত বানৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে বিগত বছৰটোত তামুলপুৰ বিধানসভা সমষ্টিৰ ৪২ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৭৪খন গাঁৱকে ধৰি জিলাখনৰ মুঠ ১১৬খন গাঁও বানত আক্ৰান্ত হৈছিল। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি অতিৰিক্ত আয়ুক্ত, বিভিন্ন বিভাগৰ মুৰব্বী, আৰক্ষী, পেৰা-মিলিটেৰী ফ’ৰ্চ, এছ ডি আৰ এফ আদিয়ে অংশগ্ৰহণ কৰে।

Exit mobile version