
*তামুলপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদনপত্ৰ বিতৰণ*
_তামুলপুৰ বিধানসভা সমষ্টিত ১,১৯৬ হিতাধিকাৰী উপকৃত_
*তামুলপুৰ, ১৯ মাৰ্চ, ২০২৫* : ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে আজি তামুলপুৰ জিলাৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহতো প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)-ৰ আনুষ্ঠানিকভাৱে অনুমোদনপত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পলাশবাৰীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠান ভাৰ্চুৱেলী প্ৰদৰ্শন কৰা হয়। তাৰ পাছত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ আদৰণী ভাষণেৰে আজিৰ মূল সভা আৰম্ভ হয়। জিলা আয়ুক্তগৰাকীয়ে নিজৰ বক্তব্যৰ মাজতে উল্লেখ কৰে, “কোনো মধ্যভোগীয়ে যদি দুখীয়া হিতাধিকাৰীসকলৰ পৰা ঘৰ দিয়াৰ নামত ধন বিচাৰে, তেওঁলোকৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰীয়ে যিদৰে হোৱাটছএপ কৰিবলৈ পৰামৰ্শ দিছে, ঠিক তেনেদৰে আমাৰ জিলাতো যদি কোনোবা মধ্যভোগীয়ে কোনো হিতাধিকাৰীৰ পৰা ধন বিচাৰে, সেই হিতাধিকাৰীসকলে পোনপটীয়াকৈ মোৰ ফোন নম্বৰত কল কৰি অভিযোগ দাখিল কৰিব পাৰিব।” ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী আৰু মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভায়ো ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। আজিৰ অনুষ্ঠানত সমষ্টিটোৰ মুঠ ১,১৯৬গৰাকী হিতাধিকাৰীৰ ভিতৰত দহগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদনপত্ৰ প্ৰদান কৰা হয়। সেই দহগৰাকী হিতাধিকাৰী হৈছে— দ্বাৰকুছিৰ আনোৱাৰা বিবি আৰু সমৰ আলী; ১ নং দক্ষিণ কুমাৰীকাটাৰ প্ৰমীলা ওৰাং আৰু ৰেজিয়া চুলতানা; ২ নং পশ্চিম কুমাৰীকাটাৰ পৱিত্ৰা দেৱী আৰু দেৱ বাহাদুৰ ডংগী; ১ নং পশ্চিম কুমাৰীকাটাৰ পূৰ্ণিমা ৰাজবংশী আৰু সুকমায়া ৰায়; ৪ নং পশ্চিম কুমাৰীকাটাৰ লক্ষী সিং আৰু ৫ নং তামুলপুৰৰ মহৰ আলী। উল্লেখ্য যে হিতাধিকাৰীসকলে মুঠ ১ লাখ ৩০ হাজাৰ টকাৰ ভিতৰত প্ৰথম কিস্তি হিচাপে ৩২,৫০০ টকা সদ্যহতে লাভ কৰিব। বাকী ধন পৰ্যায়ক্ৰমে দুটা কিস্তিত লাভ কৰিব। আজিৰ অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী আৰু জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি বিটিচিৰ পাৰিষদ বিজিতগৌৰা নাৰ্জাৰী, মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, টিচিএলচিচিৰ দৰঙাজুলি পাৰিষদীয় সমষ্টিৰ অধ্যক্ষ ফনীন্দ্ৰ নাৰ্জাৰী, গয়বাৰী পাৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰী, জিলা প্ৰশাসনৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন ভিচিডিচিৰ পৰা অহা হিতাধিকাৰীসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। উল্লেখ্য যে আজি একে সময়তে জিলাখনৰ আন এটা বিধানসভা সমষ্টি ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিতো হিতাধিকাৰীসকলৰ মাজত প্ৰথম কিস্তিৰ অনুমোদনপত্ৰ বিতৰণ কৰা হয়।