
তামুলপুৰত দিলীপ শইকীয়াৰ তীব্ৰ আক্রমণ – “বিটিচিত লুণ্ঠনৰ কথা ৰাইজে নাপাহৰে”
তামুলপুৰ, ১৬ আগষ্টঃ
তামুলপুৰ জিলা বিজেপিৰ আয়োজিত অনুদান বিতৰণ সভাত আজি অংশগ্ৰহণ কৰি সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ আক্রমণ কৰে।
সভাত ভাষণ প্ৰদান কৰি শইকীয়াই মন্তব্য কৰে –
👉 “গৌৰৱ গগৈয়ে বিটিচি (BTC) সম্পৰ্কে একেবাৰে অবগত নহয়। যোৱা পাঁচ বছৰত বিটিচিত যি ধৰণে লুণ্ঠন চলাইছিল আৰু নিজৰ পকেট গৰম কৰিছিল, সেই কথা ৰাইজে কেতিয়াও নাপাহৰে।”
তেওঁ গৌৰৱ গগৈৰ “বিটিচি দখল কৰিম” বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জনাই কয় – “গৌৰৱ গগৈয়ে এনে মন্তব্য কৰাৰ আগতে অলপ ভাবিব লাগিব।”
ইয়াৰ লগতে দিলীপ শইকীয়াই সদৰি কৰে যে বিজেপিৰ বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ২৫ আগষ্টৰ পাছত প্ৰকাশ কৰা হ’ব।
শইকীয়াই লগতে বিজেপি চৰকাৰে বিটিচিত আগবঢ়োৱা উন্নয়নমূলক পদক্ষেপৰ বর্ণনা কৰি কয় যে “বিজেপি শাসনত বিটিচিৰ অবহেলা শেষ হৈ জনতাই এক নতুন দিশৰ অভিজ্ঞতা কৰিছে।”
তামুলপুৰত আয়োজিত এই সভাত ৰাইজ আৰু দলীয় কৰ্মীৰ উপস্থি্তি লক্ষণীয় আছিল আৰু দিলীপ শইকীয়াৰ মন্তব্যই আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰাক্-চুনাৱনি তাপমান অধিক বৃদ্ধি কৰিছে।