তামুলপুৰত চাইবাৰ সুৰক্ষা সন্দৰ্ভত কৰ্মশালা

Telegram

তামুলপুৰত চাইবাৰ সুৰক্ষা সন্দৰ্ভত কৰ্মশালা

 

তামুলপুৰ, ২৯ জুলাই, ২০২৫:

 

অসম চৰকাৰৰ তামুলপুৰস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত আৰু “কাটছ্ ইণ্টাৰনেছনেল” নামৰ সংস্থাৰ উদ্যোগত তথা “দ্য এছিয়া ফাউণ্ডেছন”ৰ সমৰ্থনত যোৱা ২৮ জুলাই তাৰিখে তামুলপুৰৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত চাইবাৰ সুৰক্ষা সন্দৰ্ভত এখন সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত “কাটছ্ ইণ্টাৰনেছনেল”ৰ প্ৰকল্প সহযোগী প্ৰত্যূষ বেনাৰ্জী আৰু শুভম ঘোষে সমল ব্যক্তি হিচাপে উপস্থিত থাকে। তেওঁলোকে অনলাইনযোগে ধনৰ আদান-প্ৰদান কৰোঁতে যাতে কোনো নাগৰিক প্ৰৱঞ্চনাৰ বলি নহয়, তাৰ প্ৰতি সজাগ কৰি দিয়ে। চাইবাৰ ঠগবাজিৰ সন্মুখীন নহ’বৰ কাৰণে আৰু হ’লে আমি কি কৰিব পাৰো, ব্যৱসায়ৰ তথ্য আৰু ধনৰ লেনদেন কেনেকৈ সুৰক্ষিত কৰিব পাৰো আদি সম্পৰ্কে তেওঁলোকে বিস্তৃত বক্তব্য ৰাখে। কৰ্মশালাত তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জুপি বৰদলৈ, তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত কবিতা ফাংছ’ আৰু তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়োৱেও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। কৰ্মশালাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক দিব্যজ্যোতি দাসসহ কৰ্মচাৰীসকল, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী, অসম গ্ৰামীণ জীৱিকা অভিযানৰ সদস্য, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী আদিকে ধৰি শতাধিক লোক উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।

  • Related Posts

    তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন

    Telegram

    TelegramTweetতামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন   তামুলপুৰ, ১০ এপ্ৰিলঃ তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ…

    বিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)

    Telegram

    TelegramTweetবিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)   📍গোৰেশ্বৰ, BTR: বটলেণ্ড টেৰিট’ৰিয়েল কাউনচিল (BTC) অধীন গোৰেশ্বৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম বিতৰণ প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *